ভৱানীপুৰৰ উপ নিৰ্বাচন , জ্যেষ্ঠ নাগৰিক-দিব্যাঙ্গৰ ভোট গ্ৰহণ আৰম্ভ
দুৰ্নীতিৰ দৰ্পণ সেৱা , সঞ্জীৱ দাস , ভৱানীপুৰ, ১৬ অক্টোবৰঃ অহা ১৯ অক্টোবৰৰ পৰা ২৪ অক্টোবৰলৈ ভৱানীপুৰ বিধান সভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে দিব্যাঙ্গ আৰু জ্যেষ্ঠ নাগৰিক সকলৰ ঘৰে ঘৰে গৈ ভোট লোৱা প্ৰক্ৰিয়া বজালী জিলা প্ৰশাসনে শুভাৰম্ভ কৰিব । এই সন্দৰ্ভত আজি বজালী জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ৰ সভা কক্ষত উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ অধ্যক্ষতাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় য’ত ঘৰে ঘৰে গৈ ভোট ল’বলগীয়া বিষয়া কৰ্মচাৰী সকলো উপস্থিত থাকে। উল্লেখ্য, এই সভাত উপায়ুক্ত দেৱ চৌধুৰীয়ে ভোট গ্ৰহণ কৰিবলগীয়া বিষয়া কৰ্মচাৰী সকলক ভোট লোৱাৰ নিয়মাৱলী সম্পৰ্কত বিস্তৃত ভাৱে বুজাই দিয়াৰ উপৰিও ভোটদান প্ৰক্ৰিয়াত ভোটদাতাক যাতে কোনেও প্ৰভাৱিত কৰিব নোৱাৰে তাৰ ওপৰত গুৰুত্ব দিয়াৰ উপৰিও সতৰ্ক হবলৈ আহ্বান জনায়। উল্লেখ কৰিব পাৰি যে সমষ্টিটোত আশীৰ উৰ্দ্ধৰ আবেদন কৰা জ্যেষ্ঠ নাগৰিকৰ সংখ্যা হ’ল ৮২৫ গৰাকী আৰু দিব্যাংঙ্গ ভোটাৰ হ’ল ৭ গৰাকী । জিলা নিৰ্বাচনী কাৰ্যালয়ৰ পৰা গঠন কৰা দহটা বিষয়া কৰ্মচাৰীৰ দলে এই ভোট গ্ৰহণ পৰ্ব সমাপন কৰিব । ইফালে প্ৰিজাইডিং আৰু পোলিং বিষয়া সকলক প্ৰশিক্ষণ দিয়া কামো জিলা প্ৰশাসনে ক্ষীপ্ৰ গতিত আগবঢ়াই নিছে । এই প্ৰশিক্ষণ কালত উপায়ুক্ত গৰাকীয়ে প্ৰিজাইডিং আৰু পোলিং বিষয়া সকলক কভিড বিধি পালনৰ বাবে আহ্বান জনাই কয় যে ভোটকেন্দ্ৰ সমূহতো বিষয়া সকলে কভিডৰ বিৰুদ্ধে জন সচেতনতা গঢ়াৰ বাবে প্ৰচেষ্টা চলাব ।