TMPKৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

221

TMPKৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

 

দুৰ্নীতিৰ দৰ্পণ, কনমইনা দাস, গৰুমৰা বেলগুৰি : অসমৰ দ্বিতীয় বৃহত জনগোষ্ঠী মিচিং সকলৰ জাতীয় সংগঠন TMPKৰ ৫০সংখ্যক প্ৰতিষ্ঠা দিৱসটি অসমৰ বিভিন্ন জিলাৰ লগতে যোৰহাট জিলাৰ বিভিন্ন ঠাইত বিশেষকৈ প্ৰাথমিক বিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয় লগতে গাওঁসভাৰ অন্তৰ্ভুক্ত গাঁওসমূহত জাতীয় সংগঠনৰ জিলা সমিতিৰ লগতে কেন্দ্ৰীয় আৰু আঞ্চলিক সমিতিৰ উদ্যোগত বিভিন্ন কাৰ্যসূচী ৰূপায়নেৰে উদযাপন কৰা হয়। মিচিং স্বায়ত্বশাসিত পৰিষদৰ ৩৩নং যোৰহাট সমষ্টিৰ উত্তৰ পশ্চিম যোৰহাটৰ লাখেৰাজ উচ্চ মাধ্যমিক বিদ্যালয়ত যোৰহাট জিলাৰ সমিতি আৰু লাখেৰাজ আঞ্চলিক সমিতিৰ উদ্যোগত উদযাপিত হয়।জিলা সমিতিৰ সভাপতি প্ৰফুল্ল মিচং, আঞ্চলিক সমিতি সভাপতি দিব্যজ্যোতি পেগু, লগতে আঞ্চলিক সমিতিৰ বিষয়ববীয়াই অংশগ্ৰহণ কৰে।লগতে লাখেৰাজ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল আৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলো উপস্থিত থাকে।একেদৰে চিনাইচুক বেলগুৰি গাওঁ সভাত পুৱা চাফাই অভিযান কাৰ্যসূচীৰে আৰম্ভ কৰা প্ৰতিষ্ঠা দিৱসটি চিনাইচুক প্ৰাথমিক বিদ্যালয়ত জাতীয় পতাকা উত্তোলনৰ লগতে স্বহীদ বেদিত পুষ্পবৃষ্টি কৰে। কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া ধনকান্ত দলে,ৰাজেন পেগু, আঞ্চলিক সমিতিৰ সদস্য চিৰঞ্জীৱ দলে,পাৰ্থ দলে,অমৰ পেগু,পল্লৱ পেগু, TMPKৰ আঞ্চলিক সমিতিৰ প্ৰাক্তন সভাপতি সুভাষ দলে,জিলা সমিতিৰ ফিৰোজ দলে,উৎপল দলে,ৰাজেশ পেগু, মহিলা সমিতিৰ নিৰুমাই দলেৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে। চিনাইচুক গাঁৱৰ গাওঁৰক্ষী বাহিনী সভাপতি সুভাষ পেগু ডাঙৰীয়াই পতাকা উত্তোলন কৰে। কেন্দ্ৰীয় সদস্য ধনকান্ত দলে ডাঙৰীয়াই বন্তি প্ৰজ্বলন কৰে। প্ৰতিষ্ঠা দিৱসটিৰ লগতে ৰাখি উত্তৰ পশ্চিম যোৰহাটৰ মিচিং অধ্যুষিত অঞ্চলৰ বিভিন্ন প্ৰাথমিক বিদ্যালয়সমূহত চাফাই অভিযান কাৰ্যসূচী গ্ৰহণ কৰে। লগতে গাঁৱৰ বাট পথ পৰিস্কাৰ কৰে। অঞ্চলটোৰ বিভিন্ন ঠাইত বিশেষকৈ নেউল গাঁও,কলীয়া গাওঁ, ইপৰীয়া কাকতিচুক, চাৰিগাঁও, বাঁহফলা,ছগুৰি, খকনগুৰি,বৰচাপৰি,ললিতি,বোকোৰা আদি গাঁৱসমূহত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া, জিলা সমিতিৰ বিষয়ববীয়া, আঞ্চলিক আৰু গাওঁ সভা সমূহ ঐক্যবদ্ধ হৈ প্ৰতিষ্ঠা দিৱসটো কেন্দ্ৰীয় সমিতিৰ নীতি নিৰ্দেশনা অনুসাৰে উলহ-মালহেৰে উদযাপন কৰে।