ক’ৰনা কালৰ পিছত অসমৰ ছবিগৃহত আহিব প্ৰথমখন অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’

224

ক’ৰনা কালৰ পিছত অসমৰ ছবিগৃহত আহিব প্ৰথমখন অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’

দুৰ্নীতিৰ দৰ্পণ , শিৱসাগৰৰ পৰা মিছকাটোৰ ৰহমান : আজি শিৱসাগৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এক সংবাদমেলত লাইফ ইন এ পাপেট’ নামৰ ছবিখনৰ প্ৰযোজক তথা পৰিচালক ৰাজেন দাসে ছবিখন নিৰ্মাণক লৈ কৰা সংঘৰ্ষ আৰু সংগ্ৰাম ব্যক্ত কৰে । অহা ২২ অক্টোবৰ তাৰিখে অসমৰ ১২ টা ছবিগৃহত মুক্তি পাব ছবিখনে । ক’ৰনা কালৰ সাময়িক উপশমৰ পাছত চৰকাৰৰ নিৰ্দশমৰ্মে মুকলি হ’ব ছবিগৃহ । অসমত এক দিঘলীয়া বিৰতিৰ পাছত আৰম্ভ হবলগীয়া ছবিগৃহত মুক্তি পাব প্ৰথমখন অসমীয়া ছবি ‘লাইফ ইন এ পাপেট’। গ্ৰামাঞ্চলৰ পটভূমিত থলুৱা কলা-কুশলীক লৈ নিৰ্মাণ কৰা ছবিৰখনে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু সন্মান লাভ কৰিবলৈ সক্ষম হৈছে । অসমীয়া সমাজ জীৱনত পুতলা নাচৰ এক চহকী পৰম্পৰা আছে । পুতলা নাচ অসমীয়া চহা সমাজৰ এক অংশ। পুতলা নাচত প্ৰাণ পাই চহা অসমীয়াৰ জীৱনৰ চিত্ৰপট । সময়ৰ ধামখুমীয়াত আধুনিক সংস্কাৰ-সংস্কৃতিৰ কৱলত ক্ৰমে হেৰাই গল পুতলা নাচ । পুতলা নাচ হেৰাই গল অসমীয়া চহা জীৱনৰ পৰা । ইয়াৰ লগে লগে পুতলা নাচক সম্বল কৰি জীৱন নিৰ্বাহ কৰা শিল্পী সকলৰ জীৱনলৈ নামি আহিল অন্ধকাৰ । আয়ৰ সম্বল হেৰুৱাই এই সকল পুতলা নাচৰ শিল্পীৰ জীৱন সংগ্ৰহ আৰম্ভ হ’ল । এই সংগ্ৰামৰ পটভূমিক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে ‘লাইফ ইন এ পাপেট’ নামৰ ছবিখন । ছবিখনত আছে কৰ্মহাৰা এচাম লোকৰ জীৱন সংগ্ৰাম আৰু পুতলা নাচক জীয়াই ৰখাৰ প্ৰয়াস । এই সংগ্ৰাম আৰু প্ৰয়াসক কেন্দ্ৰ কৰি ‘লাইফ ইন এ পাপেট’ৰ জন্ম । উজনি অসমৰ শিৱসাগৰ আৰু যোৰহাট জিলাত মুক্তি পাবলগীয়া ছবিখনত তৰালী শৰ্মাই সংগীত প্ৰদান কৰাৰ লগতে আশা বৰদলৈকে ধৰি বহু কলা-কুশলীয়ে কাম কৰিছে । অসমৰ এক জীয়া পৰম্পৰাক উজ্বিৱিত কৰিবলৈ প্ৰয়াস কৰা এই ছবিখন উপভোগ কৰি চেষ্টা সফল কৰিবলৈ আহবান জনাইছে পৰিচালক ৰাজেন দাসকে ধৰি ‘লাইফ ইন এ পাপেট’ৰ পৰিয়ালে ।