দুৰ্নীতিৰ দৰ্পণ সেৱা,আব্দুৰ ৰহিম মণ্ডল ৫ আগষ্ট : প্ৰকল্প নিৰ্মাণত খৰচ হব প্ৰায় ২৬ কোটি: উৎফুল্লিত চুনাৰী বাসী। গোৱালপাৰা জিলাৰ লক্ষীপুৰৰ চুনাৰীত নিৰ্মাণ হব অত্যাধুনিক মীন পালন কেন্দ্ৰ । আজি গোৱালপাৰা জিলাৰ উপায়ুক্ত মিনাক্ষী দাস নাথ আৰু লক্ষীপুৰ ৰাজহ চক্ৰ বিষয়া ৰাজীব গগৈ চুনাৰীত উপস্থিত হৈ প্ৰকল্পৰ বাবে নিৰ্ধাৰণ কৰি দিয়া প্ৰায় সাত বিঘা মাটিৰ বুজ লয় । লক্ষীপুৰ ৰাজহ চক্ৰৰ মন্ডল সকলে প্ৰকল্পৰ বাবে নিৰ্বাচিত ভূমি উপায়ুক্তক দেখুৱাই দিয়াৰ লগতে ভূমিৰ তথ্য পাতিও দেখুৱায় । আজি লগতে লক্ষীপুৰ ৰাজহ চক্ৰৰ মন্ডল সকলে প্ৰকল্পটোৰ ভূমি জৰীপ কৰি মীন বিভাগৰ অভিযন্তা আৰু বিষয়াক অৱগত কৰি চমজাই দিয়ে । জনা মতে , পি এম এম এচ ৱাই আচনিৰ অধিনত গোৱালপাৰা জিলা মীন উন্নয়ন বিষয়াৰ উদ্যোগত প্ৰায় ২৬ কোটি টকা ব্যায় সাপেক্ষে নিৰ্মাণ হব অত্যাধুনিক মৎস কেন্দ্ৰটো । প্ৰকল্পটোত থাকিব মাছ ৰখা অত্যাধুনিক পুখুৰী , বজাৰ গৃহ , ব্ৰহ্মপুত্ৰ প্ৰতিৰোধৰ বান্ধ আদি । প্ৰকল্পটো হলে চুনাৰী বজাৰ খন পুনৰ ব্যাৱসায়ীক কেন্দ্ৰ স্থল হিচাপে পৰিগণিত হব । ইয়াৰ পৰাই বৃহত পৰিমাণৰ মৎস দেশৰ বিভিন্ন স্থান লৈ আমদানি আৰু ৰপ্তানি হব । লগতে প্ৰকল্পটোত থকা ব্ৰহ্মপুত্ৰ প্ৰতিৰোধ কাৰ্যই ঐতিহাসিক চুনাৰী বজাৰ খনকো ৰক্ষা কৰিব বুলি কয় স্থানীয় ৰাইজে । বজাৰৰ একাংশ দোকান পোহাৰ ভাগিব লগা হলেও ৰাজহুৱা স্বাৰ্থজড়িত কাৰ্যত সকলো ৰাইজেই উৎফুল্লিত হোৱা পৰিলক্ষিত হৈছে ।