গন্ধকৰৈত সপ্তম ৰাষ্ট্ৰীয় হস্ত তাঁত দিৱস পালন

252

গন্ধকৰৈত সপ্তম ৰাষ্ট্ৰীয় হস্ত তাঁত দিৱস পালন

দুৰ্নীতিৰ দৰ্পণ সেৱা ,উৰিয়ামঘাট, ৮ আগষ্টঃ গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ সৰুপথাৰৰ গন্ধকৰৈত , গন্ধকৰৈ সৰ্বোত্তম বোৱা কটা সমবায় সমিতিৰ উদ্যোগত দিনযোৰা কাৰ্যসূচীৰে হস্ত তাঁতশিল্পৰ ৰাষ্ট্ৰীয় দিৱস পালন কৰা হয় । অঞ্চলটোৰ শতাধিক পঞ্জীয়নকৃত সদস্যাৰে গঠিত সমিতিয়ে ক’ভিড পটকল পালন কৰি অনুষ্ঠিত কৰা দিৱসত পতাকা উত্তোলন কৰে গন্ধকৰৈ সৰ্বোত্তম বোৱা কটা সমবায় সমিতি লিমিটেডৰ সম্পাদক বিতুপন লাহনে আৰু জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত বন্তী প্ৰজ্জ্বলন কৰে সমিতিৰ সভানেত্ৰী যমুনা বড়োৱে । উল্লেখ্য যে , অঞ্চলটোৰ বহুসংখ্যক মহিলা-যুৱতীয়ে আজি ন বছৰে জাতিৰ পিতা মহাত্মা গান্ধীৰ আদৰ্শ শিৰোগত কৰি আগবাঢ়িছে যদিও এই ক্ষেত্রত অসম চৰকাৰৰ তৰফৰ পৰা কোনো ৰাজসায্য নোপোৱাত বহুতো শিপিনী আধাতে থমকি ৰব লগা হৈছে বুলি সমিতিৰ বিষয় ববিয়াই জানিবলৈ দিয়ে ।আনহাতে , বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত আৱেদন নিৱেদন কৰিছে যদিও বৰ্তমানে কোনো সুদোত্তৰ পোৱা নাই বুলি শিপিনী সকলে আক্ষেপ কৰে । কোনো উন্নত মনদণ্ডৰ প্ৰশিক্ষণ লাভ কৰিবলৈ তেওঁলোক সক্ষম হোৱা নাই । বজাৰৰ পৰা অতিনিম্ন মানদণ্ডৰ সূতা ক্ৰয় কৰি বস্তু উৎপাদন কৰিব লগা হৈছে । সেয়েহে সমিতিখনে বৰ্তমান সাধাৰণ ছাদৰ , মেখেলা গামোছা আদি উৎপাদন কৰিছে । ভৱিষ্যতে পাট-মুগাৰ কাপোৰ উৎপাদন কৰাৰ পৰিকল্পনা আছে যদিও অৰ্থৰ বাবে থমকি ৰ’ব লগীয়া হৈছে বুলি জানিবলৈ দিয়ে ।