মাটি উচ্ছেদৰ বাবে প্ৰশাসনে খুটা পোতাক লৈ ৩০০ টাকৈ পৰিয়ালৰ লোকৰ মাজত উত্তাল প্ৰতিবাদ
দুৰ্নীতিৰ দৰ্পণ সেৱা , গৌৰীপুৰৰ পৰা নুৰ ইছলাম সেখ , ৮ আগষ্টঃ মাটি উচ্ছেদৰ বাবে প্ৰশাসনে খুটা পোতাক লৈ ৩০০ টাকৈ পৰিয়ালৰ লোকৰ মাজত উত্তাল প্ৰতিবাদৰ সৃষ্টি কৰি আকাশ বতাহ কপাই তোলে । ধুবুৰী জিলাৰ গৌৰীপুৰৰ আলমগঞ্জ নৱম খণ্ডৰ হাজাৰী ঝৰ্ণা গাঁৱৰ বাসিন্দাৰ মাজত হাহাকাৰ সৃষ্টি হৈছে । স্থানীয় ৰাইজৰ স্পষ্ট কথা হয় , আমাক মাটিৰ পট্ৰা দিয়ক নহয় , গুলীয়াই মাৰক । আমাক গুলীয়াই – গুলীয়াই মাৰি যাওক , এয়া গাওবাসীৰ কথা । ধুবুৰী জিলাৰ আলমগঞ্জ নৱম খণ্ড গাওৰ ৰাইজে উচ্ছেদৰ ভয়ত ভাত-পানী এৰি ওলাই আহিল ৰাজপথত,আমাক পুনৰ সংস্থাপন দিয়ক , নহলে গুলিয়াই মাৰক , আমি কলৈ যাম । এইদৰেই কান্দোনত ভাঙি পৰিছে গঞা ৰাইজে । উল্লেখ্য যে,ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াত সৰ্বস্থ হেৰুৱাই দক্ষিণ শালমাৰা আৰু জলেশ্বৰ সমষ্টিৰ প্ৰায় ৩০০ টা পৰিয়ালে চৰকাৰী পতিত মাটিত আশ্ৰয় গ্ৰহণ কৰি বিগত ১৯৬৫ চনৰ পৰা বসবাস কৰি আহিছে স্থানীয় গাওখনত । ভূমিডোখৰ আছিল আলমগঞ্জ ৰঙামাটি কো-অ’পাৰেটিভ ছোচাইটি নামৰ এটা স্বেচ্ছাসেৱী সংগঠনৰ । পিচত ১৯৯৮ চনত অসম আৰক্ষীৰ ২০ নম্বৰ বেটেলিয়নক হস্তান্তৰ কৰিছিল ছোচাইটিটোৱে । কিন্তু ইমান পৰিয়াল উচ্ছেদ কৰিব লগা হোৱা বাবে আৰক্ষীৰ ২০ আৰ বেটেলিয়নে বেলেগ ঠাইত স্থাপন কৰে বেটেলিয়নৰ মুখ্য কাৰ্যালয়খন । আনহাতে , ১৯৯১ চনৰ জৰীপৰ ভূমি আইনমতে চিটা কপিৰ অন্তৰ্ভুক্ত এই সকল পৰিয়ালে ভূমি দখলৰ বাবে খাজনা দি আহিছে । উল্লেখ্য যে , ২০০৭ – ২০০৮ চনত ধুবুৰী জিলা ভূমিৰ উপদেষ্টা কমিটিয়ে উচ্ছেদৰ পূৰ্বে সমূহ পৰিয়ালক পুনৰ সংস্থাপন দিয়াৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল । আনহাতে , গাওখনৰ বাসিন্দা সকলে ২০২০ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ত ভূমি অধিকাৰ আইনৰ অধীনত ভূমিহীন লোকক মাটি আৱণ্টন দিয়াৰ বাবে এখন আবেদন দাখিল কৰিছে । আদালতত গোচৰ চলি থকা সময়তে জিলা প্ৰশাসনে আলমগঞ্জ নৱম খণ্ডৰ ২৫০ বিঘা মাটি সীমান্ত নিৰাপত্তা বাহিনীক হস্তান্তৰ কৰি উচ্ছেদৰ প্ৰস্তুতি চলাইছে । জিলা প্ৰশাসনৰ সহযোগত সীমান্ত নিৰাপত্তা বাহিনীক ২৫০ বিঘা ভূমিৰ চৌদিশে খুটি পুতি অহা ১৭ আগষ্টৰ ভিতৰত ঘৰ-বাৰী স্থানান্তৰ কৰিবলৈ নিৰ্দেশ দিয়াত ভাত-পানী ধৰ্ণা কাৰ্য্যসূচী হাতত লৈছে গাওবাসীয়ে । অসমৰ মুখ্যমন্ত্রীলৈ কাতৰ অনুৰোধ গাৱবাসীৰ । পুনৰ বিবেচনা কৰি মাটিৰ পট্ৰা প্ৰদান কৰিবলৈ অনুৰোধ জনায় গাৱবাসীয়ে ।