অসমীয়া ভাষা কব নোৱাৰা প্ৰধান শিক্ষয়ীত্ৰিৰ বিৰুদ্ধে মাটি আত্মসাৎৰ গুৰুতৰ অভিযোগ

156

অসমীয়া ভাষা কব নোৱাৰা প্ৰধান শিক্ষয়ীত্ৰিৰ বিৰুদ্ধে মাটি আত্মসাৎৰ গুৰুতৰ অভিযোগ

ষ্টাফ ৰিপৰ্টাৰ, ৯ আগষ্টঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অধীনস্থ ভেলুগুৰি পথাৰ মধ্যম খণ্ড প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী চোলেমা খাতুনৰ বিৰুদ্ধে উত্থাপিত হৈছে এক গুৰুতৰ অভিযোগ। অসমীয়া মাধ্যমৰ বিদ্যালয়ত প্ৰধান শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত এইগৰাকী শিক্ষয়িত্ৰীয়ে অসমীয়া ভাষা কব নোৱৰে ও লগতে অসমীয়া ভাষাত এখন আবেদন লিখিব নোৱাৰে কিন্তু আব্দুল হামিদ নামৰ মানুহ জনৰ ম্যাদি পট্টাৰ মাটি জালিয়াতিৰে নিজৰ নামত নিবলৈ অপচেষ্টা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগমতে ভেলুগুৰি গাওঁৰ আব্দুল হামিদক চিকিৎসাৰ বাবত আজমল ফাউণ্ডেচনৰ পৰা আৰ্থিক সহায় সংগ্ৰহ কৰি দিয়াৰ চলেৰে কাগজ পত্ৰ সংগ্ৰহ কৰি আব্দুল হামিদৰ নামত থকা ভেলুগুৰি কিচামতৰ ২৪০ নং ম্যাদি পট্টাৰ ১৬৪ নং দাগৰ এক বিঘা দুই কঠা সাত লেচা মাটি নিজৰ নামলৈ নিবলৈ অপচেষ্টা চলায়। আব্দুল হামিদৰ চহী জাল কৰি মাটিখিনি নিজৰ নামত পঞ্জীয়ন কৰিবলৈ মাটি বেচা কিনাৰ অনুমতি পত্ৰৰ বাবে আবেদন জনায়। উপৰোক্ত মাটিখিনিৰ কতৃত্বপ্ৰাপ্ত আব্দুল হামিদৰ পুত্ৰ দিলোৱাৰে এই কথা গম পাই ৰাজহ চক্ৰৰ কাৰ্যলয়ত আপত্তি দিয়ে। মাটিৰ মালিকে প্ৰৱঞ্চক শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে ইতিমধ্যে ডবকা থানাত এখন এজাহাৰ দাখিল কৰিছে।