উচ্চবৰ্ণৰ ব্যাক্তিৰ ভৰিত ধৰি ক্ষমা বিচাৰিলে চৰকাৰী দলিত কৰ্মচাৰীয়ে,ভাইৰেল ভিডিঅ’

134

উচ্চবৰ্ণৰ ব্যাক্তিৰ ভৰিত ধৰি ক্ষমা বিচাৰিলে চৰকাৰী দলিত কৰ্মচাৰীয়ে,ভাইৰেল ভিডিঅ’

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ৮ আগষ্টঃ উচ্চবৰ্ণৰ ব্যাক্তিৰ ভৰিত ধৰি ক্ষমা বিচাৰিলে এজন চৰকাৰী দলিত কৰ্মচাৰীয়ে । তেওঁক টানি ওঠোৱাৰ চেষ্টা কৰিছে দুইজন ব্যাক্তিয়ে । তামিলনাডুৰ কোৱম্বুত্তুৰত ঘটা এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে দেশ জুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শুক্ৰবাৰে কোৱম্বুত্তুৰৰ আন্নুৰ তালুকৰ ওত্তাৰপালায়ম গাঁৱত এই ঘটনাটো সংঘটিত হৈছে । গাঁৱৰ গোপাল স্বামী নামৰ উচ্চবৰ্ণৰ এজন লোকে ভুমি সংক্ৰান্তীয় বিষয়ে জানিবলৈ গৈছিল স্থানীয় প্ৰশাসনিক দপ্তৰত । অভিযোগ,দপ্তৰৰ দুই বিষয়া কালাই সেভি আৰু মুথুস্বামীৰ লগত কাজিয়াৰ সুত্ৰপাত কৰি দিয়ে গোপালে । উত্তপ্ত বাক্য বিনিময়ৰ মাজত গোপালক মনে মনে থাকিবলৈ কয় মুথুস্বামীয়ে । বেয়া আচৰণ কৰিবলৈ নিষেধ কৰে তেওঁ । গোপালক মুথুস্বামীয়ে উলিয়াই দিয়াৰ চেষ্টা কৰোঁতেই পৰিস্থিতি আৰু উত্তপ্ত হৈ পৰে । আৰু ইয়াৰ পাছতেই গোপালে মুথুস্বামীক জাত তুলি গালি-গালাজ কৰিবলৈ আৰম্ভ কৰে । আৰু মুথুস্বামীক ক্ষমা খুজিবলৈ কয় । ইয়াৰ পিছত সকলোকে আচৰিত কৰি গোপালৰ ভৰিত ধৰি ক্ষমা খোজা আৰম্ভ কৰে মুথুস্বামীয়ে । তেওঁক সহকৰ্মী সকলে ওঠোৱাৰ চেষ্টা কৰিছিল , কিন্তু তেওঁক তোলাটো সম্ভৱ হোৱা নাছিল । শেষত গোপালে কয় যে , “ঠিক আছে । এতিয়া উঠা মুথু । ভুল মোৰো আছিল ।” ভিডিঅটো ছছিয়েল মেডিয়াত ভাইৰেল হৈ পৰাৰ লগে লগে তদন্তৰ নিৰ্দেশ দিয়ে কোৱম্বত্তুৰৰ জিলা প্ৰশাসকে । পুলিচক এই ঘটনাৰ এটা গোচৰ ৰুজু কৰিবলৈ আদেশ দিয়ে ।