গৌৰীপুৰৰ পৰ্ব্বতঝোৰাত বন বিভাগৰ নাওঁৰে যৌথ অভিযান , অভিযানত চোৰাং কাঠ জব্দ

91

গৌৰীপুৰৰ পৰ্ব্বতঝোৰাত বন বিভাগৰ নাওঁৰে যৌথ অভিযান , অভিযানত চোৰাং কাঠ জব্দ

দুৰ্নীতিৰ দৰ্পণ সেৱা , গৌৰীপুৰৰ পৰা নুৰ ইছলাম সেখ, ২৭ আগষ্টঃ কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰাত বন বিভাগৰ চোৰাংকাৰবাৰীৰ বিৰুদ্ধে দিনে নিশাই শিলাই নৈত চলাই আছে তীব্ৰ অভিযান ৷ বনকৰ্মীৰ অভিযানত মূল্যবান চোৰাং কাঠ জব্দ ৷ অভিযানকাৰীৰ দল দেখি চোৰাংকাৰবাৰীয়ে নাওঁ বুৰাই ঘটনাস্থলীৰ পৰা পালয়ন কৰে ৷ কোকৰাঝাৰ জিলাৰ পৰ্ব্বতঝোৰা বনসংমণ্ডলৰ নৱ-নিযুক্ত ডি এফ অ জয়ন্ত কুমাৰ ব্ৰহ্মৰ নেতৃত্বত চলালে এই অভিযান ৷ আজি এক গোপন সূত্ৰৰ পমখেদি পৰ্ব্বতঝোৰা বন সংমণ্ডলৰ বন বিভাগ আৰু কাজিগাওঁ আৰক্ষীৰ এটি সঁজাতি দলে যৌথ ভাৱে যন্ত্ৰ-চালিত নাওঁৰে শিলাইনৈত অভিযান চলায় ৷ অভিযানকাৰী দলৰ উমান পাই চোৰাংকাৰবাৰীৰ দলে কাঠ ভৰ্ত্তি নাওঁ নৈত বুৰাই দি ঘটনাস্থলীৰ পৰা পলাই পএং দিবলৈ সক্ষম হয় ৷ পিছত বন বিভাগে শিলাইৰপাৰ নৈৰ পৰা মূল্যবান চোৰাংকাঠ খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷ পিচত জব্দকৃত চোৰাংকাঠ খিনি বন সংমণ্ডল কাৰ্য্যালয়লৈ আনে । উল্লেখ্য যে , দীৰ্ঘদিন ধৰি চলাই আহিছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা । এচাম দুষ্ট চক্ৰ পৰ্ব্বতঝোৰা বন সংমণ্ডলৰ অধীনস্থ শিলাইৰপাৰ,মদাতী,মল্লিকপাৰা আদি অঞ্চলত অৱৈধ ভাৱে চোৰাংকাঠৰ ব্যৱসাই চলাই থকাৰ ভিত্তিত আজি চোৰাংকাৰবাৰীৰ বিৰুদ্বে বন বিভাগ আৰু আৰক্ষীয়ে এই অভিযান চলায় বুলি ডি এফ অ জয়ন্ত কুমাৰ ব্ৰহ্মই জানিবলৈ দিয়ে ৷ আজিৰ এই অভিযানত খোৰাঘাট বন কাৰ্যালয়ৰ ৰেঞ্জাৰ উত্তামনন্দ গোস্বামীৰ লগতে ফৰেষ্টাৰ আব্দুল হাই সেখ উপস্থিত থাকে ফৰেষ্টাৰ সঁজাতী দলে।