গ্ৰাহকৰ ৰূপত অহা প্ৰবঞ্চকে লুটিলে যমুনামুখৰ ব্যৱসায়ীৰ ধনঃ থানাত এজাহাৰ দাখিল

88

গ্ৰাহকৰ ৰূপত অহা প্ৰবঞ্চকে লুটিলে যমুনামুখৰ ব্যৱসায়ীৰ ধনঃ থানাত এজাহাৰ দাখিল

জমিৰউদ্দিন তালুকদাৰ, ডবকা , ২৯ আগষ্টঃ গ্রাহকৰ ৰূপত অহা এজন প্ৰৱঞ্চকে হোজাই জিলাৰ যমুনামুখৰ এখন হাৰ্ডৱেৰ দোকানৰ পৰা ধন লুট কৰা ঘটনাই ব্যৱসায়ী মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।তথ্য অনুসৰি যমুনামুখ বজাৰৰ লস্কৰ হাৰ্ডৱেৰ নামৰ দোকানখনত কালি দুপৰীয়া ভাগত এজন গ্রাহকৰূপী প্রবঞ্চকে প্রৱেশ কৰি প্ৰথমে দোকানীৰ সতে কিছু সা‌মগ্রী ক্রয় কৰাৰ কথা পাতে ৷ কথা বতৰা পতাৰ অন্তত প্ৰবঞ্চকে ভুৱা ঠিকনা দি লক্ষাধিক টকাৰ সামগ্ৰী ক্ৰয় কৰে ৷ দোকানীজনেও প্ৰবঞ্চকৰ কথাত ভুল গৈ ক্ৰয় কৰা সামগ্ৰীখিনি হোম ডেলিভাৰি দিয়াৰ বাবে এখন ট্রাকত বোজাই কৰে ৷ সেই সময়তে প্ৰবঞ্চকে অতি কৌশলৰে দোকানীজনৰ পৰা নগদ ১৫ হেজাৰ টকা ধাৰত লয় ৷ এই ধনৰাশি তেওঁ ঘৰত গৈ সামগ্ৰী ক্ৰয় কৰা ধনৰ সতে চেকযোগে প্ৰদান কৰাৰ কথা কয় ৷ ইয়াৰ পাছতে নিমিষতে অচিনাকী প্রবঞ্চকজন সেই স্থানৰ পৰা অন্তৰ্ধান হয় ৷ দোকানীজনে বহু বিচাৰ খোচাৰ কৰিও প্রবঞ্চকজনৰ কোনো শুংসূত্ৰ উলিয়াব নোৱাৰিলে ৷ ইপিনে একে সময়তে গ্রাহকৰূপী প্রবঞ্চকজনে ঘৰৰ ভুৱা ঠিকনা প্ৰদান কৰি যমুনামুখৰ দাস হাৰ্ডৱেৰ নামৰ অন্য এখন দোকানৰ পৰা প্রায় দুই লাখ টকাৰ চিমেণ্ট আৰু ৰডকে ধৰি ঘৰ সজা সামগ্ৰী ক্ৰয় কৰে ৷ প্ৰবঞ্চকে লেনদেন ঘৰত কৰিব কৈ দোকানীক সামগ্ৰীখিনি এখন ট্ৰাকেৰে তেওঁৰ ঘৰলৈ পঠিয়াই দিব কয় ৷ সেই মতে দোকানীয়ে এখন গাড়ীত সামগ্ৰীখিনি বোজাই কৰি নিদিষ্ট স্থানলৈ যায় যদিও সেই স্থানত মানুহ বিচাৰি নোপোৱাত সামগ্ৰীখিনি পুনৰ দোকানলৈ ঘুৰাই আনে । এই সমগ্ৰ ঘটনা বিৱৰি যমুনামুখ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে লস্কৰ হাৰ্ডৱেৰৰ স্বত্বাধিকাৰীয়ে ৷ আৰক্ষীয়ে ইতিমধ্যে চিচি টিভি ফুটেজ চাই তদন্ত আৰম্ভ কৰিছে প্রবঞ্চকজনৰ বিৰুদ্ধে ৷ এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে যমুনামুখত ৷