চতিয়াৰ ইটাখোলাৰ চেঙামাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

151

চতিয়াৰ ইটাখোলাৰ চেঙামাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ

দুৰ্নীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ৯ আগষ্টঃ চতিয়াৰ ইটাখোলা আৰক্ষী চকীৰ অন্তৰ্গত চেঙামাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ দুজন আটক । জানিব পৰা মতে , এক গোপন সুত্ৰৰ পম খেদি ইটাখোলা আৰক্ষী আৰু চতিয়া আৰক্ষীৰ যৌথ অভিযানত আটক ড্ৰাগছ বেপাৰী মকিব আলি আৰু তেওঁৰ পত্নী ৰুকচনা খাতুন । উল্লেখযোগ্য যে , আজি আৰক্ষীৰ দল দুটাই চতিয়া আৰু ইটাখোলাত সন্ধিয়াৰে পৰা উক্ত ড্ৰাগছ বেপাৰী দুজনক হাতে লোটে ধৰাৰ বাবে টহল দি আছিল । সন্ধিয়া চতিয়াৰ ফালৰ পৰা ইটাখোলা অভিমুখী এখন বগা ৰঙৰ SWIFT DESIRE AS-01EM 9481 নম্বৰৰ প্ৰত্যক্ষ কৰে আৰু গাড়ী খন আৰক্ষীয়ে ৰাখিবলৈ নিৰ্দেশ দিয়ে যদিও ড্ৰাগছ বেপাৰী মকিব আলিয়ে আৰক্ষীৰ নিৰ্দেশক অমান্য কৰি তীব্ৰ বেগেৰে পলায়ন কৰিবলৈ চেষ্টা কৰে । আৰক্ষী দল দুটাই আগে পিছে দুয়ো ফালৰ পৰা খেদি যোৱাত উপায়ন্তৰ হৈ ড্ৰাগছ বেপাৰী জনে গাড়ী খন পথাৰৰ মাজত সোমোৱাই দি ড্ৰাগছ খিনি পথাৰৰ পানীত পেলাই দিয়ে । পিছত আৰক্ষীয়ে মকিবক আটক কৰে অলপ আঘাত প্ৰাপ্ত ৰুকচনা খাতুনক চিকিৎসাৰ বাবে উওৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে । প্ৰথমতে মকিবে সোধপোচ কৰাত তেওঁৰ লগত ড্ৰাগছ নাই বুলি কয় যদিও পিছলৈ ক্ৰেঙৰ জৰিয়তে গাড়ীখন টানি উলিয়াই পানীৰ মাজত বিছৰাত ড্ৰাগছৰ ৩৩ টা কণ্টেইনাৰ জব্দ কৰিবলৈ সক্ষম হয় ।