চুলাই মদে প্ৰাণ ললে এজন যুৱকৰ

89

চুলাই মদে প্ৰাণ ললে এজন যুৱকৰ

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ , ২ অক্টোবৰঃ বিহপুৰীয়াৰ বদতিত চুলাই মদে প্ৰাণ ললে এজন যুৱকৰ । জানিব পৰা মতে , অঞ্চলটোত দীৰ্ঘদিনৰ পৰা চুলাই মদৰ ৰমৰমীয়া বেহা অব্যাহত আছে । বৃহস্পতিবাৰে এটা চক্ৰই বদতিত চুলাই মদ খোৱাৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে আৰু এই প্ৰতিযোগিতাত ভাগ লৈয়ে যুৱকজনে দুৰ্ভাগ্যজনকভাৱে মৃত্যুক আকোৱালি লয় । মৃত্যু হোৱা যুৱকজনে তিনি মিনিটৰ ভিতৰত তিনি বটল চুলাই খোৱাৰ ফলতে কৰুণ মৃত্যু হয় বুলি স্থানীয় একাংশ লোকে উল্লেখ কৰিছে । আনহাতে , এই ঘটনা সংঘটিত হোৱাৰ পাছতে বিহপুৰীয়াৰ তিনিটাকৈ জাতীয় সংগঠন আৰক্ষীৰ সহযোগত অঞ্চলটোত চুলাই মদ বিৰোধী অভিযান আৰম্ভ কৰে । টি এম পি কে, এম এম কে আৰু টি এম এম কে নামৰ সংগঠন তিনিটাই আৰক্ষীৰ সহযোগত প্ৰায় ১০০০ লিটাৰ চুলাই মদ নষ্ট কৰাৰ লগতে গাঁও সমূহত চলি থকা জুৱাৰ ঘাটিও উচ্ছেদ কৰে । সংগঠনটোৰ কৰ্মীসকলে জুৱাৰ ঘাটিৰ পৰা উদ্ধাৰ বহু পৰিমাণৰ তাছপাত ৰাজপথত জ্বলাই দি শীঘ্ৰেই অঞ্চলটোক জুৱা আৰু চুলাইৰ ঘাটিৰ পৰা মুক্ত কৰাৰ বাবে প্ৰশাসনক দাবী জনায় ।