চৰাইদেউৰ সোণাৰিত চোৰৰ উপদ্ৰৱ , চি চি কেমেৰাৰ ফোটেজ নিৰীক্ষণ কৰিও আৰক্ষীয়ে ব‍্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ

107

চৰাইদেউৰ সোণাৰিত চোৰৰ উপদ্ৰৱ , চি চি কেমেৰাৰ ফোটেজ নিৰীক্ষণ কৰিও আৰক্ষীয়ে ব‍্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ

দুৰ্নীতিৰ দৰ্পণ সেৱা,নৱজ্যোতি টিপমীয়া,চৰাইদেউ,৭ ছেপ্তেম্বৰঃ চৰাইদেউ জিলাৰ সদৰ সোণাৰিত দিনক দিনে বৃদ্ধি পাইছে চোৰৰ উপদ্ৰৱ । নীৰৱ দৰ্শক সোণাৰি আৰক্ষী । থানাৰ সমীপৰপৰাই বাইক চুৰ হোৱাৰ লগতে সোণাৰি নগৰৰ বিভিন্ন প্ৰান্তত শেহতীয়াকৈ কেইবাটাও চুৰি কাণ্ড সংঘটিত হৈছে । আনহাতে , যোৱা নিশা সোণাৰি নামতোলা পথৰ বিনোদ চৌধুৰী নামৰ লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা বেৰ কাটি বেংক পাছবুকসহ বিভিন্ন নথিপত্ৰ আৰু কিছু পৰিমাণে নগদ ধন চোৰ কৰি লৈ যায় । জানিব পৰা মতে , ২০১৯ চনৰ পৰা এতিয়ালৈকে প্ৰায় ২০ বাৰতকৈ অধিক চোৰ সোমাইছে এইখন ব্যৱসায়িক প্ৰতিষ্ঠানত । ব্যৱসায়িক প্ৰতিষ্ঠান খনত চুৰি কাৰ্য সংঘটিত হোৱাৰ সন্দৰ্ভত আৰক্ষীৰ ওচৰত গোচৰ ৰুজু কৰা হয় যদিও আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে । একেটা চোৰে আগষ্ট মাহৰ ২৭ তাৰিখে আৰু চেপ্তেম্বৰ মাহৰ ৬ তাৰিখে একেখন প্ৰতিষ্ঠানতেই দুটা মাহৰ ভিতৰত দুবাৰকৈ চোৰ কৰে আৰু ২০১৯ চনৰ পৰা আজি লৈকে ২০ বাৰ চোৰে চোৰ কৰি অহাৰ পাচতো কিয় প্ৰশাসনে চোৰক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰা নাই , সেইয়া হৈছে এক চিন্তাৰ বিষয় । কেইবাবাৰো চোৰ ধৰা পৰা পাছতো আৰক্ষীয়ে বিশেষ গুৰুত্ব নিদিয়াত সম্প্ৰতি চোৰৰ উপদ্ৰৱ বৃদ্ধি পোৱা বুলি অভিযোগ উত্থাপন হৈছে । প্ৰতিষ্ঠানটোৰ স্বত্বাধীকাৰিয়ে তেখেতৰ লাগতিয়াল নথিপ্ৰত্ৰ সমূহ উলিয়াই দিবলৈ আৰক্ষীক অনুৰোধ জনায় । চোৰৰ এনে কায্যই এতিয়া সাধাৰণ জনতাক চিন্তাত পেলাইছে যদিও আৰক্ষীৰ নীৰৱ ভূমিকাই চোৰৰ মনোবল দুগুণে বৃদ্ধি কৰিছে । চি চি টিভিৰ ফোটেজত সকলো ওলাই পৰাৰ পিছতো কিয় সোনাৰী আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰা নাই , সেইয়া এক ডাঙৰ প্ৰশ্ন হয় পৰিছে ।