ডবকাত আৰক্ষীৰ অভিযানত নষ্ট জুৱাৰ ঘাটি, এজনক আটক, আন কেইবা জন জুৱাৰী পলাতক

79

ডবকাত আৰক্ষীৰ অভিযানত উৎসাত জুৱাৰ ঘাটি, এজনক আটক, আন কেইবা জন জুৱাৰী পলাতক

দুৰ্নীতিৰ দৰ্পণ সেৱা , হোজাই , ৩১ আগষ্টঃ হোজাই জিলাৰ ডবকা চহৰৰ মাজ-মজিয়াৰ কেইবাটাও স্থানত আজি দীৰ্ঘ দিনৰে পৰা চলি আছে জুৱা খেলৰ ৰমৰমীয়া বেহা ৷ সোমবাৰে আবেলি ডবকা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া শ্ৰী অমৃৎ সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে এক গোপন খবৰ ভিত্তিত ডবকা পুৰাণ বজাৰত চলি থকা জুৱা খেলৰ আড্ডা স্থলীত অভিযান চলায় ৷ আৰক্ষীৰ অভিযানত উক্ত জোৱাৰ ঘাটিটো উৎখাত কৰাৰ লগতে এজন জুৱাৰীক আটক কৰিবলৈ সক্ষম হয় ৷ যদিও আৰক্ষী অহাৰ উমান পাই আন বহু কেইগৰাকী জুৱাৰীয়ে যমুনা নদীত জাপ দি পলায়ন কৰে ৷ উল্লেখযোগ্য যে , আজি বহু দিনৰে পৰা ডবকাৰ পুৰাণ বজাৰত মিদুল নামৰ কুখ্যাত জোৱাৰী জনে চলাই গৈ আছিল জোৱাৰ ঘাটিটো ৷ আটকাধীন জুৱাৰী যুৱকজনৰ নাম আকবৰ আলী বুলি জানিব পৰা গৈছে ৷ ডবকা আৰক্ষীৰ এই অভিযানত তিনি খনকৈ মটৰ চাইকেল আৰু এখন চাৰিচকীয়া বাহনো জব্দ কৰে আৰক্ষীয়ে ৷ পূৰ্বতেও আৰক্ষীয়ে বহুবাৰ উৎসাৎ কৰিছিল এই জোৱাৰ ঘাটিটো ৷ লগতে কেইবাজনো জুৱাৰীক জেল হাজতলৈ প্ৰেৰণ কৰিছিল ৷ কিন্তু ৰসহ্যজনক ভাৱে আৰক্ষীয় জুৱাৰ ঘাটি সমূহ উৎসাত কৰাৰ কেইদিনমান পিছতে পুনৰ আৰম্ভ হয় জুৱা খেলৰ আড্ডা ৷ এই জুৱা খেলৰ আড্ডা সমূহৰ লগত কোনোবা নহয় কোনোবা এজন দীঘল হাত থকা লোক জড়িত আছে বুলি সন্দেহ জাগিছে সচেতন মহলৰ মনত ৷ আৰক্ষীয়ে উচিৎ তদন্ত কৰিলে হয়তু দীঘলীয়া হাত থকা লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা আছে বুলি স্থানীয় সচেতন মহলে দাবী উত্থাপন কৰিছে ৷