তামুলপুৰত বিগত তিনিটা বছৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত নিৰ্মাণ কৰা পথত অসম্পূৰ্ণ , অসম্পূৰ্ণ কাম কৰি আত্মসাৎ চৰকাৰী ধন

90

তামুলপুৰত বিগত তিনিটা বছৰে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধিনত নিৰ্মাণ কৰা পথত অসম্পূৰ্ণ , অসম্পূৰ্ণ কাম কৰি আত্মসাৎ চৰকাৰী ধন

দুৰ্নীতিৰ দৰ্পণ, প্ৰতিবেদক , তামুলপুৰ , ২৬ ছেপ্টেম্বৰঃ বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত তামুলপুৰৰ মাজ মজিয়াৰ চাৰাংবাৰী চাপকাটা,উলুবাৰী লৈ যোবা প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত নিৰ্মাণ কৰা ৰাস্তাটো প্ৰাই তিনি বছৰ অৰ্থাৎ ২০১৮ চনতেই কাম আৰম্ভ কৰিছিল যদিও আজিকোপতি কামটো সম্পূৰ্ণ নোহোৱাত পথৰ দুৰৱস্থাই জলা কলা খুৱাইছে পথচাৰীক । প্ৰতিদিনাই ৰাস্তাটোৰে যাতায়ত কৰে অঞ্চলটোৰ পথচাৰীৰ লগতে কেইবাখনো বিদ্যালয়ৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে । এনে খলা-বমা ৰাস্তাৰে প্ৰতিদিনাই বিপদসংকুল ভাবে যাতায়ত অব্যাহত ৰাখিছে পথচাৰী সকলে। বিভিন্ন সময়ত প্ৰয়োজন হোৱা জৰুৰী সেৱাই আগবঢ়োৱা গাড়ী চলাচল কৰিব নোৱাৰাৰ বাবে বৃহত সমস্যাৰ সন্মুখীন হৈছে স্থানীয় ৰাইজে । ভুক্তভোগী ৰাইজৰ শেষ আশা বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োক এই ৰাস্তাটোৰ সমস্যা সমূহৰ সমাধান কৰি ৰাইজৰ চলাচলৰ সু ব্যৱস্থা কৰি দিয়ে , তাৰ বাবে স্থানীয় ৰাইজে অনুৰোধ জনায় । আনহাতে , তামুলপুৰ জিলা আৰটিআই সন্থাই উক্ত পথচোৱা বিগত তিনিটা বছৰে সম্পূৰ্ণ হৈ নুঠাত এই কাৰ্যক তিব্ৰভাষাৰে গৰিহণা দিযাৰ লগতে বিভাগীয় কৰ্তৃপক্ষক ৰাস্তাতো বনোৱাৰ বাবে অনুৰোধ জনায় । উল্লেখ্য যে , তামুলপুৰ জিলা আৰটিআই সন্থাই এই বিষয়ে তথ্য জনাৰ আইন ২০০৫ অনুসৰি বাক্সা জিলাৰ উপায়ুক্ত লৈ উক্ত ৰাষ্টাটোৰ আৰটিআই কৰিছিল যদিও কিছু কিছু কাম সম্পূৰ্ণ হোৱা বুলি লগতে কিছু কাম পঞ্চাশ শতাংশ হোৱা বুলি ৰিপ’ৰ্ট দিয়াৰ লগতে Work in progress অৰ্থাৎ কাম চলি থকা বুলি ভুৱা তথ্য প্ৰদান কৰে । এইক্ষেত্ৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কি পদক্ষেপ গ্ৰহণ কৰে , সেয়া লক্ষনীয় হ’ব ।