দেশ জোকাৰি যোৱা মহন্ত নৰেন্দ্র গিৰিৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত ‘সন্ন্যাসী’ আনন্দ গিৰিৰ বিলাসী জীৱন-যাপন

87

দেশ জোকাৰি যোৱা মহন্ত নৰেন্দ্র গিৰিৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত ‘সন্ন্যাসী’ আনন্দ গিৰিৰ বিলাসী জীৱন-যাপন

ষ্টাফ ৰিপৰ্টাৰ , দুৰ্নীতিৰ দৰ্পণ, ২৩ ছেপ্টেম্বৰঃ অখিল ভাৰতীয় আখড়া পৰিষদৰ অধ্যক্ষ তথা নিৰঞ্জনী আখড়াৰ মহন্ত নৰেন্দ্র গিৰিৰ ৰহস্যজনক মৃত্যু ৷ উত্তৰ প্রদেশৰ প্রয়াগৰাজৰ বাঘমবড়ী মঠৰ অতিথিশালাত মহন্ত নৰেন্দ্র গিৰিৰ ওলমি থকা মৃতদেহ উদ্ধাৰৰ পাছতেই দেশজুৰি চাঞ্চল্য সৃষ্টি হয় ৷ এই চাঞ্চল্য অধিক চর্চাৰ ৰূপ লয় , যেতিয়াই মহন্ত নৰেন্দ্র গিৰিৰ মৃতদেহৰ সমীপত এখন আত্মহত্যাৰ টোকা আৰক্ষীয়ে উদ্ধাৰ কৰে ৷ এই আত্মহত্যাৰ টোকাত মহন্ত নৰেন্দ্র গিৰিয়ে কিয় আত্মহননৰ সিদ্ধান্ত ল’বলগীয়া হ’ল , তাক প্রকাশ কৰাৰ লগতে তেওঁক আত্মহননৰ বাবে বাধ্য কৰোৱাৰ আঁৰত কোন জড়িত আছে , সেয়াও লিপিবদ্ধ কৰি থৈ যায় ৷ ১১ পৃষ্ঠাৰ আত্মহত্যাৰ টোকাত মহন্ত নৰেন্দ্র গিৰিয়ে ৭ বাৰ আত্মহত্যা কৰাৰ সিদ্ধান্তৰ বিষয়ে উল্লেখ কৰাৰ লগতে এই আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা তেওঁৰেই শিষ্য আনন্দ গিৰিৰ নাম ১৪ বাৰ উল্লেখ কৰিছে ৷ আত্মহত্যাৰ টোকাত আনন্দ গিৰিৰ নাম উল্লেখ থকাৰ পাছতেই প্রয়াগৰাজৰ আৰক্ষীয়ে আনন্দ গিৰিক গ্রেপ্তাৰ কৰিছে ৷ বিতর্কিত আনন্দ গিৰিক গ্রেপ্তাৰ কৰাৰ পাছতেই আনন্দ গিৰিৰ সন্ন্যাসী জীৱনশৈলীৰ বিপৰীতে আভিজাত্য বিলাসী জীৱন চর্চাৰ মাজলৈ আহিছে ৷ এই চর্চাত আনন্দ গিৰিয়ে বিলাসী বাহন , অত্যধিক ব্যয়বহুল ম’বাইল ফোন ব্যৱহাৰ কৰাৰ লগতে বিদেশ ভ্রমণৰ তথ্য আছে ৷ বিদেশ ভ্রমণ কৰি ভাল পোৱা বিলাসী জীৱনশৈলীৰ আনন্দ গিৰিয়ে আনকি নাৰীজনিত ঘটনাত অষ্ট্রেলিয়াত গ্রেপ্তাৰ হোৱাৰ উদাহৰণো আছে ৷ মহন্ত নৰেন্দ্র গিৰিৰ আত্মহত্যাৰ টোকাত কিদৰে তেওঁ আত্মসন্মানৰ বাবে আত্মহননৰ সিদ্ধাত লৈছিল,সেই কথা স্পষ্টকৈ উল্লেখ কৰা আছে , তেনেদৰে আছে তেওঁক আত্মহনন কৰিবলৈ বাধ্য কৰোৱা শিষ্য আনন্দ গিৰিৰ নাম ৷ নৰেন্দ্র গিৰিৰ আত্মহত্যাৰ টোকাত সাতবাৰ আত্মহত্যা শব্দটো প্রয়োগ কৰা হৈছে ৷ তেওঁ লিখিছে– মই মহন্ত নৰেন্দ্র গিৰি আচলতে ২০২১ চনৰ ১৩ ছেপ্টেম্বৰত আত্মহত্যা কৰিবলৈ লৈছিলোঁ ৷ কিন্তু সাহস গোটাব নোৱাৰিলোঁ ৷ আজি যেতিয়া হৰিদ্বাৰত গৈ জানিব পাৰিলোঁ যে এদিন–দুদিনৰ পাছতেই আনন্দ গিৰিয়ে কম্পিউটাৰৰ মাধ্যমেৰে ম’বাইলত কোনো মহিলা অথবা ছোৱালীৰ সৈতে বেয়া কাম কৰাৰ ফটো ভাইৰেল কৰি দিব , তেতিয়া মই ভাবিছিলোঁ ইয়াৰ স্পষ্টীকৰণ মই কিদৰে দিম ৷ এবাৰ মই বদনাম হৈ যাম ৷ সঁচাটো জনতাই পাছত জানিব পাৰিব ৷ কিন্তু মোৰ নাম কলংকিত হ’ব ৷ তদুপৰি তেওঁ আত্মহত্যাৰ টোকাত উল্লেখ কৰে– …মই আগেয়েও আত্মহত্যা কৰিবলৈ গৈছিলোঁ ৷ কিন্তু সাহস গোটাব পৰা নাছিলোঁ ৷ আজি মই সাহস হেৰুৱালোঁ আৰু আত্মহত্যা কৰিবলৈ গৈছোঁ ৷ প্রয়াগৰাজৰ সকলো আৰক্ষী বিষয়া আৰু প্রশাসনিক বিষয়াক অনুৰোধ কৰোঁ যে , মোৰ আত্মহত্যাৰ দায়ী উপৰি উক্ত লোককেইজনৰ ওপৰত তদন্ত কৰা হওক ৷ যাৰ দ্বাৰা মোৰ আত্মাই শান্তি পাব৷ আত্মহত্যাৰ টোকাত আনন্দ গিৰিৰ নাম ১৪ বাৰ আত্মহত্যাৰ টোকাত মহন্ত নৰেন্দ্র গিৰিয়ে আনন্দ গিৰিৰ লগতে আদ্রাপ্রসাদ তিৱাৰী আৰু তেওঁৰ পুত্র সন্দীপ তিৱাৰীৰ নামো উল্লেখ কৰিছে ৷ অৱশ্যে আনন্দ গিৰিৰ নাম সর্বাধিক ১৪ বাৰ উল্লেখ কৰিছে ৷ তেওঁ লিখিছে– যেতিয়াৰে পৰা আনন্দ গিৰিয়ে মোৰ ওপৰত অসত্য , মিথ্যা আৰু মনেসজা আৰোপ লগাইছে , তেতিয়াৰে পৰা মই মানসিক চাপত পৰিছিলোঁ ৷ যেতিয়াই মই অকলশৰে থাকোঁ , তেতিয়াই মৰি যোৱাৰ ইচ্ছা জাগে ৷ মহন্ত নৰেন্দ্র গিৰিয়ে উল্লিখিত ব্যক্তি তিনিজনক কিয় অভিযুক্ত কৰিছে , সেই সন্দর্ভতো আত্মহত্যাৰ টোকাত উল্লেখ কৰা আছে ৷ আত্মহত্যাৰ টোকাত থকা মতে , আনন্দ গিৰি , আদ্য প্রসাদ তিৱাৰী আৰু সন্দীপ তিৱাৰীয়ে মিলি তেওঁক বিশ্বাসঘাতকতা কৰিছে ৷ জীৱন হানি কৰিবলৈ চেষ্টা চলাইছে ৷ ছ’চিয়েল মিডিয়া , ফেচবুক আৰু সংবাদ–পত্রত আনন্দ গিৰিয়ে তেওঁৰ চৰিত্রক লৈ মনেসজা আৰোপ লগাইছে ৷ তেওঁ মৰিবলৈ গৈ আছে ৷ আনন্দ গিৰিয়ে যিবোৰ আৰোপ লগাইছে , তাৰ জৰিয়তে তেওঁৰ আৰু মঠ–মন্দিৰৰ বদনাম হৈছে ৷ মই আত্মহত্যা কৰিবলৈ গৈ আছোঁ ৷ তেওঁৰ মৃত্যুৰ বাবে সম্পূর্ণ জগৰীয়া আনন্দ গিৰি , আদ্য প্রসাদ তিৱাৰী , যিজন মন্দিৰৰ পূজাৰী আৰু আদ্য তিৱাৰীৰ পুত্র সন্দীপ তিৱাৰী হ’ব ৷ তেওঁ সমাজত সদায়ে শান্তিৰে জীয়াই আছিল , কিন্তু আনন্দ গিৰিয়ে তেওঁক ভুল পথেৰে বদনাম কৰিলে ৷ এক অডিঅ’ কেছেট আনন্দ গিৰিয়ে প্রচাৰ কৰিছে , য’ত তেওঁৰ বদনাম হৈছে ৷ আজি মই হাৰি গৈছোঁ আৰু আত্মহত্যা কৰিবলৈ গৈছোঁ ৷ উল্লেখ্য যে , আত্মহত্যাৰ টোকাত মহন্ত নৰেন্দ্র গিৰিয়ে দুটা কলম ব্যৱহাৰ কৰিছে ৷ আত্মহত্যাৰ টোকাৰ ১১ পৃষ্ঠাৰ ভিতৰত ১০ পৃষ্ঠাতে তেওঁ ‘মহন্ত নৰেন্দ্র গিৰি’ বুলি স্বাক্ষৰ কৰিছে ৷ অৱশ্যে এটা পৃষ্ঠাত তেওঁ ‘এম নৰেন্দ্র গিৰি’ লিখিছে ৷ আৰক্ষীয়ে এই আত্মহত্যাৰ টোকাক লৈ পুংখানুপুংখ তদন্ত চলাই আছে ৷

কোন এই আনন্দ গিৰি , ডেৰা চাচাৰ মুৰব্বী বর্তমান ধর্ষণৰ অভিযোগত কাৰাবন্দী হৈ থকা গুৰমিট সিং ৰাম ৰহিমৰ বিলাসী জীৱনশৈলীৰ পাছত এইবাৰ মহন্ত নৰেন্দ্র গিৰিৰ আত্মহত্যাৰ বাবে জগৰীয়া আনন্দ গিৰিৰ নাম চর্চালৈ আহিছে ৷ নৰেন্দ্র গিৰিক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা শিষ্য আনন্দ গিৰিৰ বিলাসী জীৱনশৈলী ছ’চিয়েল মিডিয়াত ব্যাপক চর্চাৰ কেন্দ্রবিন্দু হৈ পৰিছে ৷ সন্ন্যাসী জীৱনশৈলীৰ বিপৰীতে সম্পূর্ণ বিলাসী জীৱন কটোৱা আনন্দ গিৰিক ১২ বছৰ বয়সতে হৰিদ্বাৰ আশ্রমৰ পৰা প্রয়াগৰাজৰ বাঘমবড়ী মঠলৈ লৈ আনিছিল মহন্ত নৰেন্দ্র গিৰিয়ে ৷ সন্ন্যাসীতকৈ বিলাসী জীৱন কটোৱা আনন্দ গিৰি সন্ন্যাসীৰ পৰা যোগগুৰুলৈ এক দীঘলীয়া পৰিক্রমা আছে ৷ ৰাজস্থানৰ ভিলৱাৰাৰ ১২ বছৰীয়া আনন্দ গিৰিৰ বর্তমান বয়স ৩৮ ৷ পূর্বতে শ্রীপঞ্চায়তী আখড়া নিৰঞ্জনীৰ অন্তর্ভুক্ত কৰা হৈছিল আনন্দ গিৰিক ৷ প্রখ্যাত বড়ে হনুমান মন্দিৰৰ ছোটে মহাৰাজ হিচাপে চর্চিত আনন্দ গিৰি তেওঁৰেই গুৰু মহন্ত নৰেন্দ্র গিৰিৰ সৈতে বিভিন্ন বিষয়ক লৈ মতভেদ হৈছিল ৷ ইয়াৰ ভিতৰত সম্পত্তিও জড়িত আছিল ৷ মহন্ত নৰেন্দ্র গিৰিৰ সৈতে মতানৈক্য হোৱাৰ পাছত আনন্দ গিৰিয়ে যোগৰ জৰিয়তে প্রতিষ্ঠা কৰিবলৈ সক্ষম হয় ৷ বিতর্কিত আনন্দ গিৰিয়ে দাবী কৰা মতে , তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সংস্কৃত আয়ুর্বেদ আৰু বেদৰ স্নাতক ডিগ্রীধাৰী ,পিছলৈ যোগতন্ত্রত পি এইচ ডি লাভ কৰে ৷ সন্ন্যাসীৰ জীৱনৰ আঁৰত আনন্দ গিৰিয়ে চলাই গৈছিল এক আভিজাত্যৰ বিলাসী জীৱন ৷ বিদেশ ভ্রমণ কৰি ভাল পোৱা আনন্দ গিৰিয়ে বিভিন্ন সময়ত বিদেশলৈ গৈ বিলাসী হোটেলত কটোৱাৰ অনেক উদাহৰণ আছে ৷ ভাৰত আৰু বিশ্বৰ বিভিন্ন দেশৰ বিশ্ববিদ্যাসলত যোগ বিশেষজ্ঞ হিচাপে আনন্দ গিৰিয়ে যোগ শিকাইছিল ৷ বিমানত ভ্রমণৰ সময়ত সুৰা সেৱন কৰি বিতর্কৰ মাজত সাঙোৰ খাই পৰা আনন্দ গিৰিক ২০১৯ চনৰ মে’ মাহত অষ্ট্রেলিয়াৰ ছিডনী আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছিল ৷ ২০১৬ আৰু ২০১৮ চনত দুগৰাকী মহিলাক অশালীন ব্যৱহাৰ কৰাৰ অভিযোগত আনন্দ গিৰিক গ্রেপ্তাৰ কৰিছিল ছিডনী আৰক্ষীয়ে ৷ ছিডনীৰ আদালতে পিছলৈ আনন্দ গিৰিক দোষমুক্ত ঘোষণা কৰিছিল ৷ এই সময়ছোৱাত মহন্ত নৰেন্দ্র গিৰিয়ে শিষ্য আনন্দ গিৰিক সমর্থন জনাইছিল ৷ গুৰুত্বপূর্ণ যে , সাধু–সন্তৰ আচৰণবিধিক অৱজ্ঞা কৰি আনন্দ গিৰিয়ে পৰিয়ালৰ লোকৰ সৈতে সম্পর্ক বর্তাই ৰাখিছিল ৷ মন্দিৰৰ পুঁজিৰ বিত্তীয় অনিয়মত জড়িত আছিল আনন্দ গিৰি ৷ ইয়াৰ পাছতেই বাঘমবড়ী মঠ আৰু নিৰঞ্জনী আখড়াৰ পৰা আনন্দ গিৰিক বহিষ্কাৰ কৰিছিল ৷ অৱশ্যে পিছলৈ বিভিন্ন সন্ত–সাধুৰ সমর্থন আৰু অনুৰোধৰ প্রতি লক্ষ্য ৰাখি নৰেন্দ্র গিৰিয়ে বহিষ্কাৰ প্রস্তাৱ প্রত্যাহাৰ কৰিছিল আৰু আনন্দ গিৰি নৰেন্দ্র গিৰিৰ ওচৰ চাপিছিল ৷ কালক্রমত যোৱা ২০ ছেপ্ঢেম্বৰত আত্মহননৰ পথ বাছি ল’বলৈ বাধ্য কৰা মহন্ত নৰেন্দ্র গিৰিৰ মৃত্যুৰ কাৰণ হৈ পৰে বিতর্কিত আনন্দ গিৰি ৷