ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত দালালৰ দপদপনি অব্যাহত , দুৰ্নীতি-অনিয়মৰ অভিযোগত লাট মণ্ডল শংকৰ কুমাৰ দাসৰ নামত ধুবুৰী থানাত এজাহাৰ দাখিল

547

ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত দালালৰ দপদপনি অব্যাহত , দুৰ্নীতি-অনিয়মৰ অভিযোগত লাট মণ্ডল শংকৰ কুমাৰ দাসৰ নামত ধুবুৰী থানাত এজাহাৰ দাখিল

দুৰ্নীতিৰ দৰ্পণ সেৱা,গৌৰীপুৰ আৰু ধুবুৰী,১ ছেপ্টেম্বৰঃ যি সময়ত বিজেপি চৰকাৰে দুৰ্নীতিমুক্ত অসম গঢ়াৰ সপোন দেখিছে,ঠিক তেনে সময়তে দুৰ্নীতিৰ ভূস্বৰ্গত পৰিণত হৈছে ধুবুৰী চক্ৰ বিষয়া কাৰ্য্যালয় । ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত নতুনকৈ যোগদান কৰা চক্ৰ বিষয়াই নতুন নতুন নিয়ম বনাই নিজকে ধূৱা তুলসীৰ পাত সজাই আচলতে অনিয়মৰ মুকিল বেহা আৰম্ভ কৰিছে বুলি অভিযোগ উঠিছে । অভিযোগ মতে,কোনো দালালক ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত প্ৰৱেশ কৰিবলৈ নিদিয়ে যদিও আচলতে নতুনকৈ যোগদান কৰা চক্ৰ বিষয়াই দালালৰ দপদপনি অব্যাহত থকাৰ উপৰিও অনিয়মৰ মুকলি বজাৰ আৰম্ভ কৰিছে বুলি অভিযোগত প্ৰকাশ । চৰ্চা মতে , প্ৰতিটো ফাইলত চহী কৰাৰ পৰিৱৰ্তে এক মোটা অংকৰ ধন আদায় লোৱাৰ উপৰিও যি ইচ্ছা তাকেই কৰি এক প্ৰকাৰ হিটলাৰী শাসন ব্যৱস্থা আৰম্ভ কৰিছে বুলি চৰ্চাত স্থান পাইছে । আন এক অভিযোগ মতে, নতুনকৈ যোগদান কৰা গগৈ উপাধিৰ চক্ৰ বিষয়াই বহুতো নিয়ম আৰু কাৰ্যালয়ৰ পৰিৱৰ্তন কৰিব বিচাৰিছে যদিও আচলতে কাৰ্যালয়ৰ বিষয়ে একো গমেই নাপায় বুলি অভিযোগ উঠিছে। কিয়নো ,ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ আটাইতকৈ জটিল লাট হৈছে ঝগৰাৰপাৰ পঞ্চায়তৰ ১৩ নং লাট । যিকোনো অভিজ্ঞ লাট মণ্ডল এজনে দায়িত্ব লবলৈ টান পায় যদিও এক প্ৰকাৰ নিকাম্মা-নাকাম্মা লাট মণ্ডল শংকৰ কুমাৰ দাসক দায়িত্ব দি কিয় চলাবলৈ দিলে,সেয়াও এক লাখ টকীয়া প্ৰশ্নৰ সৃষ্টি হৈছে । ধুবুৰী ৰাজহ চক্ৰৰ লাট মণ্ডল শংকৰ কুমাৰ দাসৰ মূৰত একো নথকা স্বত্ত্বেও ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ৰ আটাইতকৈ জটিল লাট ঝগৰাৰপাৰ পঞ্চায়তৰ ১৩ নং লাট চলাবলৈ দিলে , সেয়াও এক হাস্যকৰৰ বিষয় হৈ পৰিছে । যাৰ পৰিণতিত লাট মণ্ডল শংকৰ কুমাৰ দাসৰ নামত থানাত এজাহাৰ দিবলগীয়া হৈছে ভুক্তভোগী পৰিয়ালে । অভিযোগ মতে,নিজৰ দখলিস্বত্ব পাট্টা মাটিত বাসগৃহ সাজি দীৰ্ঘদিনৰ পৰা বসবাস কৰি থকা পৰিয়াল এটিৰ পঞ্জীয়নৰ মাটিৰ নাম কাটি অইন ব্যক্তিৰ নামত দলিল বনোৱা ঘটনাই সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়াৰ। ধুবুৰী চহৰৰ নিকটৱৰ্তী ঝগৰাৰপাৰ চতুৰ্থ খণ্ড গাঁৱৰ বাসিন্দা জনাব আলী নামৰ ব্যক্তিজনে তেওঁৰ নামত থকা পাট্টা মাটিৰ দুই পুত্ৰ ক্ৰমে-ছোলেমান আলী আৰু ছামিউল ইছলামৰ নামত ১ বিঘা ২ কাটা ১০ লেছা মাটি দাগ নম্বৰ ৫৩১ পাট্টা নম্বৰ ১৬০ মৰ্মে পঞ্জীয়ন কৰি দিয়ে । কিন্তু লক্ষ্যনীয় বিষয় যে,বৰ্তমান সময়ত উক্ত মাটি খিনি কৰ্তন কৰি মহম্মদ আলী নামৰ লোক এজনৰ নামত পঞ্জীয়ন হৈ আছে । কিছুদিন পূৰ্বে তেওঁৰ দুই পুত্ৰৰ নামত থকা পঞ্জীয়ন কৰা মাটিখিনি ধুবুৰী চক্ৰ বিষয়া কাৰ্য্যালয়ৰ লাট মণ্ডল শংকৰ কুমাৰ দাসে অবৈধ ধনৰ লালসাত বেআইনী ভাবে অইন ব্যক্তিৰ নামত ব্যাপক ধনৰ বিনিময়ত মাটি খিনি পঞ্জীয়ন কৰি দিয়ে । ইপিনে , এই সন্দৰ্ভত মাটিৰ মালিক পক্ষই ইতিমধ্যে মহম্মদ আলী , হাছিনুৰ জামান , শংকৰ কুমাৰ দাস,(লাট মণ্ডল),জয় শংকৰ শৰ্মা,(পূৰ্বৰ চক্ৰ বিষয়া)ৰ বিৰুদ্ধে ধুবুৰী সদৰ থানাত এখন লিখিত এজাহাৰ দাখিল কৰে । আৰক্ষীয়ে এজাহাৰ মৰ্মে গোচৰ নং ১৩৬৪/২০২১ ৰ ভাৰতীয় দণ্ডবিধি আইনৰ অধীনত ১২০(বি)৪২০/৪৬৮ গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে । উল্লেখ্য যে,অবৈধ ভাবে এজনৰ মাটি আন এজনৰ নামত পঞ্জীয়ন কৰাই ব্যাপক ধন লুণ্ঠন কৰা বিষয়টো উপযুক্ত তদন্ত কৰিলে বহুতো ৰৌ-বৰালি জালত পৰাৰ সম্ভৱনা প্ৰকট হৈ পৰিছে।