ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত নামজাৰীৰ নামত অনিয়মৰ অভিযোগ , জিলা অতিৰিক্ত উপায়ু্‌ক্তই তদন্ত ঘোষণা

474

ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত নামজাৰীৰ নামত অনিয়মৰ অভিযোগ , জিলা অতিৰিক্ত উপায়ু্‌ক্তই তদন্ত ঘোষণা

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিৰ্পটাৰ , ১ ছেপ্তেম্বৰ ঃ ধুবুৰী ৰাজহ চক্ৰ কাৰ্যালয়ত নামজাৰীৰ নামত ব্যাপক অনিয়ম হোৱা বুলি অভিযোগ উঠিছে। এই বিষয়ে জিলা অতিৰিক্ত উপায়ু্‌ক্তই তদন্ত ঘোষণা কৰি ধুবুৰী ৰাজহ চক্ৰ বিষয়াক তথ্য বিচাৰি নিৰ্দেশ জাৰি কৰিছে বুলি জানিব পৰা গৈছে। প্ৰাপ্ত বাতৰি মতে , ধুবুৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঝগৰা তৃতীয় খণ্ডৰ ৩২৪ নম্বৰ পট্ৰাৰ ৭১ নম্বৰ দাগৰ মাটি ডি এম. পি/এছ ৪০/১১/২০০০ নং নামজাৰী গোচৰৰ যোৱা ১০/০৭/২০১২ তাৰিখৰ হুকুম মতে উক্ত দাগৰ ১৫ লেছা মাটি পট্ৰাদাৰৰ লগত ৰেঃ খঃ দঃ সুত্ৰে এৰফান আলীৰ স্ত্ৰী মমিৰণ বেওয়া আৰু এৰফান আলীৰ পুত্ৰ ময়নাল হকৰ নামত সাহানুৰ ৰহমান নামৰ লাট মণ্ডলে নামজাৰী কৰে । মনকৰিবলগীয়া বিষয় হৈছে যে,উক্ত ডি এম. পি/এছ ৪০/১১/২০০০ নং নামজাৰী গোচৰত কোনো দলিল নম্বৰ উল্লেখ নকৰাকৈ নামজাৰী কৰা দেখুওৱা হৈছে যদিও আচলতে ব্যস্তৱত উক্ত সময়ত কোনো দলিল কৰা হোৱাই নাছিল বুলি ঝগৰাপাৰৰ স্থানীয় বাসিন্দা হবিবৰ ৰহমানে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰে । আচলতে ২০০৯ চনতহে উক্ত দাগৰ সকলো মাটিৰ দলিল পঞ্জিয়ণ কৰা হৈছিল । কিন্ত দলিল হোৱাৰ পূৰ্বেই কেনেকৈ ডি এম , পি/এছ ৪০/১১/২০০০ চনৰ গোচৰ নং দেখুৱাই যোৱা ১০/০৭/২০১২ ইং তাৰিখত নামজাৰী কৰিলে বুলি অভিযোগৰ ভিত্তিত ধুবুৰী জিলা অতিৰিক্ত উপায়ুক্তই যোৱা ২১/০৮/২০২১ ইং তাৰিখত ডি আৰ এছ.৫৬/২০২১/৫ নম্বৰ মেমো যোগে উক্ত ঘটনাৰ সবিশেষ বিচাৰি ৰিছিপ কৰা সাত দিনৰ ভিতৰত তথ্য দিবলৈ এক নিৰ্দেশ জাৰী কৰিছে বুলি বাতৰি পোৱা গৈছে । অভিযোগ মতে,উক্ত নামজাৰীত লাট মণ্ডল সাহানুৰ ৰহমানে কৰিছে বুলি নাম দেখুওৱা হৈছে যদিও আচলতে ব্যস্তৱত লাট মণ্ডল সাহানুৰ ৰহমানে মৃত্যু হোৱাৰ সুযোগ গ্ৰহণ কৰি বৰ্তমান জীয়াই থকা কোনো লাট মণ্ডলে এনে অনিয়ম কৰিছে বুলি ঝগৰাপাৰৰ স্থানীয় বাসিন্দা হবিবৰ ৰহমানে জিলা উপায়ুক্তক অভিযোগ দাখিল কৰে । কিয়নো,উক্ত দাগৰ আৰু পট্ৰাত থকা মাটিৰ সম্পূৰ্ণ দলিল কৰাৰ সময়ত অভিযোগকাৰী তথা ঝগৰাৰপাৰৰ স্থানীয় বাসিন্দা হবিবৰ ৰহমানে নিজেই প্ৰথম স্বাক্ষী হিচাবে আছিল বুলি হবিবৰ ৰহমানে জানিবলৈ দিয়ে । পৰৱৰ্তী সময়ত ধুবুৰী জিলা উপায়ুক্তই কেনেদৰে উক্ত অনিয়মৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰে,সেয়াও এক লক্ষ্যনীয় বিষয় হৈ পৰিছে ।