নগৰবেৰাৰ ভূখৰাদিয়াত ই এন ডি ৰ পৰিদৰ্শন বাংলাৰ গৃহ ও বাউণ্ডাৰী দেৱাল নিৰ্মাণত ব্যাপক অনিয়মৰ অভিযোগ

285

দুৰ্নীতিৰ দৰ্পণ সেৱা , স্বাহ স্বাহিন জামান আহমেদ , নগৰবেৰা , ৩ আগষ্টঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ নগৰবেৰাৰ ভূখৰাদিয়াত পৰিদৰ্শন বাংলাৰ গৃহ ও বাউণ্ডাৰী দেৱাল নিৰ্মাণত ঠিকাদাৰ নজৰুল ইছলাম আৰু নুৰউদ্দিন আহমেদ ব্যাপক অনিয়ম সংঘটিত কৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে । মঙ্গোলবাৰে ঠিকাদাৰ নজৰুল ইছলাম আৰু নুৰউদ্দিনৰ বিৰুদ্ধে ৰাইজে হাতে হাতে প্লেলে কাৰ্ড লৈ সাৱস্ত্য কৰে উত্তাল প্ৰতিবাদ । নগৰবেৰাৰ ভখুৰাদিয়াত ই এন ডি ৰ পৰিদৰ্শন বাংলাৰ গৃহ নিৰ্মাণ কাৰ্যত ঠিকাদাৰে অতি নিম্নমানৰ সামগ্ৰীৰে কাম কৰাৰ অভিযোগ ৰাইজৰ । বাৰাম্বাৰ  অভিযোগ দিয়াৰ পিছতো কানসাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ।সম্পুৰ্ণ সৈৰাচাৰী আৰু খামখেৱালীৰে ঠিকাদাৰ নজৰুল ইছলাম আৰু নুৰ উদ্দিনে কাম কৰি থকাৰ অভিযোগ ৰাইজৰ । পৰিদৰ্শন বাংলাৰ গৃহৰ ২০ লাখ আৰু বাউণ্ডাৰী দেৱালৰ ৯ লাখ টকাৰ নিৰ্মাণ কাৰ্যৰ কোনো ফলক নলগোৱাকৈ ৰাইজক অন্ধকাৰত ৰাখি লুণ্ঠন চলাইছে ঠিকাদাৰদ্বয়ে । ঠিকাদাৰৰ দুৰ্নীতি নচলিব , ঠিকাদাৰ হায় হায় , চৰকাৰী কামৰ দুৰ্নীতি বন্ধ কৰক , কামৰ তদন্ত হব লাগিবই আদি শ্লোগানেৰে ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । পিছে প্ৰশ্ন হয় , ৰাইজৰ এনে প্ৰতিবাদে গা লৰাবনে সংশ্লিষ্ট বিভাগটোৰ কিম্বা ৰজাঘৰীয়াৰ ।