নগৰবেৰা বন বিভাগৰ অভিযানত জব্দ বিক্ৰী কৰিবলৈ নিয়া কেবাখনকৈ নাঁও

155

নগৰবেৰা বন বিভাগৰ অভিযানত জব্দ বিক্ৰী কৰিবলৈ নিয়া কেবাখনকৈ নাঁও

দুৰ্নীতিৰ দৰ্পণ সেৱা, নগৰবেৰা, ৩১ আগষ্টঃ কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ পৰা যোৱা এটা বন বিভাগৰ দলে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হয় কেবাখনকৈ নাঁও।নগৰবেৰাত বন বিভাগৰ বৃহৎ সফলতা-অভিযান চলাই জব্দ কৰিলে বিক্ৰী কৰিবলৈ নিয়া কেবাখনকৈ নাঁও।সোমবাৰে নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ৰ পৰা যোৱা এটা পহৰাদাৰী দলে নদীৰ বুকুৱেদি এখন ডাঙৰ নাঁৱেৰে বিক্ৰীৰ বাবে নি থকা মুঠ দহ খনকৈ সৰু নাঁও জব্দ কৰিবলৈ সক্ষম হয়।বৃহদাকাৰৰ মেচিন নাঁও এখনত তুলি প্ৰতিবেশী পূৱ গোৱালপাৰাৰ নৱাগত শিমলীতোলা অঞ্চলৰ পৰা মঙ্গলদৈৰ ছিপাঝাৰ অভিমুখে নদীৰ মাজেৰে কঢ়িয়াই নিয়া অৱস্থাত জব্দ কৰে এই নাঁৱসমূহ ।জব্দ কৰা নাঁও সমূহৰ আনুমানিক বজাৰ মূল্য প্ৰায় সাত লক্ষাধিক হ’ব বুলি জানিব পৰা গৈছে। অবৈধভাবে সৰবৰাহ কৰা নাঁও ব্যৱসায়ী এজনকো নাপালে যদিও মেচিন নাঁৱৰ নাঁৱৰীয়াক আটক কৰিবলৈ সক্ষম হয় পহৰাদাৰী দলটিয়ে।নাঁৱসমূহ সম্প্ৰতি নগৰবেৰাস্থ নদী সংৰক্ষিত বনাঞ্চলিক কাৰ্যালয়ত ৰখাৰ দিহা কৰিছে বুলি জানিব পৰা গৈছে।