নীলবাগানত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দঃ আটক চালক

116

নীলবাগানত বৃহৎ পৰিমানৰ ড্ৰাগছ জব্দঃ আটক চালক

দুৰ্নীতিৰ দৰ্পণ সেৱা , হবিবুৰ ৰহমান ,৩ ডিচেম্বৰঃ অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান অব্যাহত ৰাখিছে যদিও ৰাজ্যত ড্ৰাগছ সৰবৰাহকাৰী সকলে নিতৌ ন ন কৌশল অৱলম্বন কৰি সলনি কৰিছে ড্ৰাগছ সৰবৰাহৰ কৌশল ৷ এইবাৰ আৰক্ষীৰ জালত পৰে এজন ড্ৰাগছ সৰবৰাহকাৰী ৷ লগতে আৰক্ষীয়ে জব্দ কৰে বৃহৎ পৰিমানৰ ড্ৰাগছ ৷ প্ৰাপ্ত বাতৰি অনুসৰি , আজি দিনৰ ভাগত ডিমাপুৰৰ পৰা AS 01JC 1860 নম্বৰৰ টাটা মোবাইলৰ পৰা সৰবৰাহ কৰি থকাৰ সময়ত নীলবাগান ৫৪ নং ৰাষ্ট্ৰীয় ঘাই পথৰ উপৰত অভিযান চলাই জব্দ কৰে 33 পেকেট ড্ৰাগছ ৷ চতুৰ চালকজনে টাটা মোবাইলখনৰ বডিৰ ভিতৰত এক বিশেষ কৌশল অৱলম্বন কৰি ডিমাপুৰৰ পৰা লৈ আহিছিল ড্ৰাগখিনি ৷ গাড়ীৰ ভিতৰত ড্ৰাগছ সোমাই বডি টিনেৰে জ্বালাই দি ড্ৰাগছ লৈ গৈছিল সৰবৰাহকাৰীয়ে ৷ হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই এক গোপন সুত্ৰৰ ভিত্তিত অভিযান আৰম্ভ কৰে আৰু অতিৰিক্ত আৰক্ষী অধীক্ষক পনজিৎ দুৱৰা আৰু ডিএছপি ৰৌজি তালুকদাৰ,মোৰাঝাৰ থানাৰ আৰক্ষী আৰু নীলবাগানৰ আৰক্ষীৰ বৃহৎ দলে অভিযান চলাই নীলবাগানত জব্দ কৰে টাটা মোবাইলখন ৷ লগতে এই সংক্ৰান্তত টাটা মোবাইলৰ চালকজনক আটক কৰিছে আৰক্ষীয়ে ৷ আৰক্ষীৰ তদন্তৰ পিছত এই ড্ৰাগছ সৰবৰাহত জড়িত আন দুই-তিনিজন লোক আটক হোৱাৰ সম্ভাৱনা আছে বুলি আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই মন্তব্য কৰে ৷