বটদ্ৰৱাত ড্ৰাগছ ব্যৱসায়ী আটক

64

বটদ্ৰৱাত ড্ৰাগছ ব্যৱসায়ী আটক

দুৰ্নীতিৰ দৰ্পণ সেৱা , বটদ্ৰৱা , ২৬ ছেপ্টেম্বৰ : সমগ্ৰ ৰাজ্যতে আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ বটদ্ৰৱা আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নৃতৃত্বত যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই আটক কৰিলে এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ীক । আজগৰ আলী নামৰ এই ড্ৰাগছ ব্যৱসায়ীটোৱে বিগত বহুদিন অঞ্চলটোত অব্যাহত ৰাখিছিল ড্ৰাগছ ব্যৱসায় । ইতিমধ্যে এই কুখ্যাত ড্ৰাগছ ব্যৱসায় চলাই থকা তেওঁৰ এটা ভিডিও ভাইৰেল হৈছিল সমাজিক মাধ্যমত । সেই ভিডিওটো আঁত ধৰি বটদ্ৰৱা আমছুৰ সহযোগত আটক কৰিবলৈ সক্ষম হয় ড্ৰাগছ ব্যৱসায়ীটোক । বৰ্তমান বটদ্ৰৱা আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ীটোক জেৰা অব্যাহত ৰাখিছে ।