বিলাসীপাৰাত স্বাধীন ভাৰতৰ পতাকা অবমানা , গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন সংগঠন

193

বিলাসীপাৰাত স্বাধীন ভাৰতৰ পতাকা অবমানা , গ্ৰেপ্তাৰৰ দাবীত বিভিন্ন সংগঠন

দুৰ্নীতিৰ দৰ্পণ , ষ্টাফ ৰিপৰ্টাৰ ,বগৰিবাৰীৰ পৰা গুলজাৰ হুছাইন , ২৫ আগষ্টঃ সাংবাদিকে ৰাইজৰ দুৰ্নীতি খুজুটি উলিয়াই বাতৰি পৰিবেশন কৰে । কিন্ত সাংবাদিকে চৰম অন্যায় কৰিলে বাতৰি পৰিবেশন নহয় কিয় ? সংবাদ জগত নিৰপেক্ষ হয় নে ? যদি নিৰপেক্ষ হয় , তেন্তে বিলাসীপাৰাত ত্ৰাসৰ সৃষ্টি কৰা অৰ্ধ শিক্ষিত দুৰ্নীতিৰ সদাঘৰ ৰূপী সাংবাদিক বেল্লাল হুছেইনৰ অদ্ভত কাণ্ডই সমগ্ৰ বিলাসীপাৰাত জোকাৰণিৰ সৃষ্টি কৰিও গ্ৰেপ্তাৰ হোৱা নাই কিয় ? কোটি-কোটি দেশ প্ৰেমীৰ তেজৰ বিনিময়ত ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতবৰ্ষ স্বাধীন হয় ।

এই স্বাধীন ভাৰতৰ জাতীয় পতাকাক কোনোবাই ধেমালীৰ খেল বুলি ভৰিৰে মোহাৰী অপমান কৰা কাৰ্য্যই গ্ৰহণযোগ্য হয় নে ? এই গৰাকী সাংবাদিকে ১৫ আগষ্টৰ পৰা ১৬ আগষ্ট লৈ স্বাধীন ভাৰতৰ জাতীয় পতাকাক অপমানেৰে লক্ষ্যত নিজৰ প্ৰেছৰ গাড়ীত স্বাধীন ভাৰতৰ জাতীয় পতাকা ওলটাকৈ লগাই দুদিন ধৰি বিলাসীপাৰাৰ মাজ মজিয়াত ঘুৰি ফুৰা ঘটনাই প্ৰশাসন তথা বৌদ্বিক মহলৰ দৃষ্টি গোচৰ হোৱা নাই নেকি ? পশ্চিম বিলাসীপাৰাৰ বিধায়ক কাছিমীৰ পকেটত উঠি সৰ্বদা বাতৰি পৰিবেশন কৰা সাংবাদিক জনে প্ৰাক্তন বিধায়ক অশোক সিংহীৰ অতি ঘনিষ্ঠ বুলি সঘনাই দম্ভালী মাৰি আহিছে ।

এই সাংবাদিক জনৰ নেতৃৰ্ত্বত প্ৰাক্তন বিধায়ক অশোক কুমাৰ সিংহীয়ে ৰাজনৈতিক ভৱিষ্যত উজ্জল ৰখাৰ প্ৰয়াসত কংগ্ৰেছ , ইউডিএফ , আনকী চৰকাৰৰ মিত্ৰজোঁট অগপৰ সৈতে সমান্তৰাল ভাবে যোগ সুত্ৰ অব্যাহত ৰখা বুলি ৰাইজৰ মাজত সন্দেহৰ সৃষ্টি হৈছে । উল্লেখ্য যে , এই কলংকিত সাংবাদিক জনে অশোক সিংহীৰ হস্তক্ষেপত পূণৰাই চতুৰ্দশৰ পৰা পঞ্চদশ বিত্তীয় আচঁনিৰ মণিটৰিং কমিটিত নিজৰ নাম অন্তৰ্ভূক্ত কৰিছে বুলি অভিযোগ উঠিছে । অভিযোগ মতে , দুৰ্নীতিৰ ঠিকাদাৰ তথা প্ৰশিক্ষক বুলি জনাজাত সাংবাদিজনে স্বাধীন ভাৰতৰ পতাকাক অৱমাননা কৰি জঘন্য অপৰাধ কৰা কাৰ্য্যৰ বিপৰীতে ৰাইজে গ্ৰেপ্তাৰৰ দাবীত ব্যাপক সৰৱ হৈ পৰিছে । লগতে বিভিন্ন স্বেচ্ছা-সেৱী সংগঠণে ঘটনাটো উচ্চ পৰ্যায়ৰ তদন্তৰ আহবান জনাইছে । উল্লেখ্য যে, চৰকাৰী বিষয়া–কৰ্মীয়ে ভাৰতীয় জাতীয় পতাকা উত্তোলন বা অৱতৰণৰ ক্ষেত্ৰত সামান্য ত্ৰুটি কৰিলে নিলম্বিত হ’ব লগা হয় , তেনে ক্ষেত্ৰত বেল্লাল হোছেনে শাস্তিৰ পৰা কি দৰে ৰেহাই পালে, কাৰ ভাবুকিত পুলিচে নীৰৱ ভূমিকা গ্ৰহণ কৰিছে ।

স্মৰ্তব্য যে , সাংবাদিক জনে বিভিন্ন পৰ্যায়ত পঞ্চায়তৰ সচিব , সভাপতি আনকী সাধাৰণ প্ৰতিনিধিক ব্লেকমেইলিং কৰি অহাৰ লগতে প্ৰতিনিধি সকলোক দুৰ্নীতিৰ পথ প্ৰশস্ত কৰি দিয়াৰ উপৰি সমাজৰ একাংশ ভ্ৰাম্যমান ব্যক্তিৰ পৰা ধন দাবী কৰাৰ যথেষ্ঠ প্ৰমাণ আমাৰ হাতত আছে । সাংবাদিক জনৰ কু-কাণ্ড সংক্ৰান্তে পূৰ্বে একাধিক বাৰ বাতৰি পৰিবেশন হয় যদিও প্ৰশাসনে ৰহস্য জনক কাৰণত তদন্তৰ পৰা বিৰত থাকে । তথা কথিত ওৱেব পটেলৰ সাংবাদিক জনে এই আজব ঘটনাৰ কাণ্ডই স্থানীয় ৰাইজৰ চকু কপালত উঠে যদিও আৰক্ষীৰ চকু দৃত ৰাষ্ট্ৰৰ দৰে অন্ধ হৈ পৰে । ঘটনাটো তদন্ত মৰ্মে আৰক্ষীয়ে সাংবাদিক জনক গ্ৰেপ্তাৰ কৰা – নকৰা ৰাইজৰ বাবে এয়া এক  লক্ষণীয় দিশ হৈ পৰিছে ।