বড়ি বজাৰত তিনি কেজি মনিপুৰী গাঞ্জা সহ আটক এজন

93

দুৰ্নীতিৰ দৰ্পণ সেৱা ,আবুল হুছেইন , টুকটুকী , ২ আগষ্ট : সমগ্ৰ ৰাজ্যতে বৰ্তমান চলিছে নিচাযুক্ত দ্ৰব্যৰ বিৰোধী অভিযান । তাৰ সমান্তৰাল কৈ মিকিৰভেটাৰ বড়ি বজাৰতো অব্যাহত আছে অভিযান । আজি বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত বড়িবজাৰ আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোৰঞ্জন কোঁৱৰৰ নেতৃত্বত চলা অভিযানত তিনি কেজি মনিপুৰী গাঞ্জা সহ আটক শিলপুখুৰী আদৰ্শ গাঁওৰ পৰা ইব্ৰাহিম আলীক আটক কৰে যদিও আন এজন পলাই যাবলৈ সক্ষম হয় । এই ভাং ব্যৱসায়ী জনৰ পৰা তিনি কেজি মণিপুৰী ভাং আৰু এখন As-02-C-8670 নম্বৰৰ বাইক জব্দ কৰে । এই সন্দৰ্ভত ভাং ব্যৱসায়ীজনক জেৰা অব্যাহত ৰাখিছে বড়িবজাৰ আৰক্ষীয়ে ।