বৰপেটাৰ ঔষধ পৰিদৰ্শক সৰব , জনিয়াত অনুজ্ঞাপত্ৰ বিহীন চাৰিখন ফাৰ্মাচী ছীল

166

বৰপেটাৰ ঔষধ পৰিদৰ্শক সৰব , জনিয়াত অনুজ্ঞাপত্ৰ বিহীন চাৰিখন ফাৰ্মাচী ছীল

দুৰ্নীতিৰ দৰ্পণ সেৱা, ভেল্লা , ১৮ আগষ্টঃ বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত কালি অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে ঔষধ পৰিদৰ্শক বিষয়াই অকস্মাৎ অভিযান চলায় । এই অভিযানত অনুজ্ঞা পত্ৰ নথকা ৪ টাকৈ ফাৰ্মাচী ছীল কৰে । উল্লেখ্য যে , কলগাছিয়াত কাঠফুলাৰ দৰে গঢ়ি উঠিছে অবৈধ ফাৰ্মাচি । কালি হঠাৎ বৰপেটা জিলাৰ ঔষধ পৰিদৰ্শক পাৰ্থ প্ৰতিম বৰগোহাঁইয়ে কলগাছিয়াত উপস্থিত হৈ কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱাৰ উপস্থিতিত জোৰদাৰ অভিযান চলায় । এই অভিযানৰ সময়ছোৱাত ৪ টাকৈ অবৈধ ফাৰ্মাচী ছিল কৰে যদিও আন বহু অবৈধ ফাৰ্মাচীৰ স্বত্বাধিকাৰী-কৰ্মচাৰীয়ে ফাৰ্মাচী এৰি পলায়ন কৰে । উল্লেখ্য যে,বিগত সময়চোৱাত ঔষধ পৰিদৰ্শক বিষয়াই অনুজ্ঞাপত্ৰ নোহোৱাকৈ ফাৰ্মাচী বন্ধ ৰাখিবলৈ সতৰ্ক কৰি দিয়ে যদিও এই অবৈধ ফাৰ্মাচীৰ স্বত্বাধিকাৰী সকলে কোনো বাধা নামানি ফাৰ্মাচী খুলি চলাই মানুহৰ জীৱনৰ লগত হেতালি খেলি আছে বুলিও মন্তব্য কৰাৰ লগতে এই অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে এই অভিযান অব্যাহত থাকিব বুলিও ঔষধ পৰিদৰ্শক বিষয়াই মন্তব্য কৰে ।