ভুৱা নথিপত্ৰৰে আধাৰ কাৰ্ড প্ৰস্তুত কৰা দুজনক গ্ৰেপ্তাৰ মৈৰাবাৰী আৰক্ষীয়ে

120

ভুৱা নথিপত্ৰৰে আধাৰ কাৰ্ড প্ৰস্তুত কৰা দুজনক গ্ৰেপ্তাৰ মৈৰাবাৰী আৰক্ষীয়ে

দুৰ্নীতিৰ দৰ্পণ সেৱা , বেচামাৰি , ৫ অক্টোবৰ : মৰিগাও জিলাৰ গৰুখুটি বজাৰত অবৈধভাৱে আধাৰ কাৰ্ড প্ৰস্তুত কৰা দুজনক গ্ৰেপ্তাৰ । অবৈধ ভাৱে আধাৰ কাৰ্ড প্ৰস্তুত কৰি সাধাৰণ ৰাইজৰ পৰা লাখ লাখ টকা সংগ্ৰহ কৰি আহিছিল এই মাজাহাৰুল আৰু মোবাশ্বিৰুল নামৰ দুই যুৱকে । এইবাৰ কঠোৰ ৰূপত দেখা গৈছে মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল হাজৰিকাক । ম্যাদ উকলা ঔষধ বিক্ৰী কৰা অপৰাধীক গ্ৰেপ্তাৰৰ পিছতে এইবাৰ নামি পৰিছে ভুৱা আধাৰ কাৰ্ড প্ৰস্তুত কাৰী সকলৰ বিৰুদ্ধে । আজি পুৱাৰ ভাগত গোপন সূত্ৰৰ পম খেদি মৈৰাবাৰী আৰক্ষীয়ে দীৰ্ঘ দিন ধৰি অবৈধভাৱে আধাৰ কাৰ্ডৰ ব্যৱসায় চলোৱা কেন্দ্ৰক উৎখাত কৰে । উল্লেখ্যযোগ্য যে , ব্যক্তিজনক বেলেগ পঞ্চায়তত নিয়োগ কৰিছিল যদিও ব্যক্তি জনে গৰুখুটিত দোকান খুলি সাধাৰণ ৰাইজৰ পৰা ৫০০-১০০০ টকা সংগ্ৰহ কৰিছিল আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ বাবদ । মৈৰাবাৰী আৰক্ষীয়ে ব্যক্তিজনৰ পৰা বহু আপত্তিজনক নথিপত্ৰৰ লগতে ভুৱা ছীল মোহৰ জব্দ কৰে । এতিয়া কথা হল যে , আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ নামত কাক মেনেজ কৰি দীৰ্ঘ দিন ধৰি মুকলি কৈ ধন সংগ্ৰহৰ লগতে ভুৱা নথিপত্ৰৰে ৰমৰমীয়া ব্যৱসায় চলাইছিল ।স্থানীয় ৰাইজে অভিযোগ কৰিছে যে , সেয়া নিশ্চয় শীৰ্ষ বিষয়াৰ সৈতে গোপন বুজা বুজি কৰি এনেকৈয়ে অবৈধভাৱে চলাই আহিছে আধাৰ কাৰ্ড প্ৰস্তুত কাৰ্য ।