মৈৰাবাৰীত নিচাজাতীয় টেবলেট সৰবৰাহকাৰীক আটক

151

দুৰ্নীতিৰ দৰ্পণ সেৱা,ওৱাচিম আক্ৰাম,বেচামাৰি  ৪ আগষ্ট: মৰিগাও জিলাৰ নৈ কাষৰীয়া মৈৰাবাৰী আৰক্ষীৰ এটা অভিযানকাৰী  দলে মৈৰাবাৰীৰ পৰা এজন নিচাজাতীয় টেবলেট সৰবৰাহকাৰীক  কৰায়ত্ত কৰে । আৰক্ষীৰ অভিযানকাৰী দলটোৱে  ফৰিদুল ইছলাম উৰফে কৰ্ণেল ক নিচাজাতীয় টেবলেট সৰবৰাহত কৰায়ত্ব কৰে । ফৰিদুল ইছলামে বহু দিন ধৰি নিচাজাতীয় দ্ৰব্যৰ ৰমৰমীয়া বেহা চলাই আছিল ৷ এই কুখ্যাত নিচাজাতীয় দ্ৰব্য সৰবৰাহকাৰী সকলে  মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তত  নিচাজাতীয় টেবলেট সৰবৰাহ কৰি আছে ৷ মৰিগাঁও জিলাৰ নৈ কাষৰীয়া মৈৰাবাৰীৰ বিভিন্ন  অঞ্চলত  নিচাজাতীয় সামগ্ৰীৰ ব্যৱসায় কৰি থকা বুলি আৰক্ষী সুত্ৰত প্ৰকাশ হয় ।   আৰক্ষীয়ে আটকাধীন অভিযুক্তক গোছৰ ৰুজু কৰি  জিলা আদালতলৈ প্ৰেৰন কৰিছে।