মোৰাঝাৰত খেতি কৰা মাটি লৈ দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট

93
মোৰাঝাৰত খেতি কৰা মাটি লৈ দুই ফৈদৰ মাজত ভয়ংকৰ মাৰপিট
দুৰ্নীতিৰ দৰ্পণ , বিশেষ সেৱা , ০৭ আগষ্টঃ হোজাই জিলাৰ মোৰাঝাৰ থানাৰ অন্তৰ্গত তাৰাপুৰ গাৱত খেতি কৰা মাটি লৈ দুই ফৈদৰ মাজত সৃষ্টি হয় ভয়ংকৰ মাৰ-পিটৰ ঘটনা ৷ হাতে-হাতে লোহৰ ৰ’ড আৰু অস্ৰ-শস্ৰ লৈ মাৰ-পিটত নামিল এদল লোক ৷ ঘটনাৰ খবৰ পাই আৰক্ষী উপস্থিত হোৱাত আৰক্ষীৰ কেইবাজন লোকক আক্ৰমণ কৰি গুৰুতৰ ভাৱে আঘাত প্ৰাপ্ত হয় ৷ সমগ্ৰ ঘটনা সন্দৰ্ভত মিনাজ উদ্দিনে মোৰাঝাৰ আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰে ৷ এজাহাৰকাৰীয়ে উল্লেখ কৰা মতে , নিম্ন উল্লেখিত আচমী সকলৰ লগত বহু দিনৰ পৰা খেতি-মাটি লৈ বিবাদ চলি আছিল । উক্ত বিবাদ সংক্ৰান্তত হোজাই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ MR 193/2020 নম্বৰ গোচৰ বিচাৰাধীন অৱস্থাত উপায়ুক্ত কাৰ্যালয়ে DRC 19/2020/21 MISE/53 নম্বৰ ORDER Copy ৰ জৰিয়তে ৩০/০৭/২০২১ ইংৰাজী তাৰিখে উক্ত ভূমিত খেতি কৰাৰ অনুমতি প্ৰদান কৰে । শনিবাৰে ৰাতিপুৱা অনুমান ১০ বজাত মোৰাঝাৰ আৰক্ষীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলৰ উপস্থিতিত উল্লেখিত মাটিত খেতি কাৰ্য আৰম্ভ কৰোতেই আচামীগনে পূৰ্বে পৰিকল্পিত ভাৱে হাতে হাতে , লোহৰ ৰ’ড আৰু বিভিন্ন অস্ত্ৰ-সস্ত্ৰলৈ লৈ আহি আৰক্ষীৰ দলক দলবদ্ধ ভাৱে আক্ৰমণ কৰাত আৰক্ষীৰ কেবাজনো লোক আঘাতপ্ৰাপ্ত হয় । মোৰাঝাৰ আৰক্ষীয়ে উচিৎ তদন্ত কৰি আচামীগনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰাৰ্থনা জনায় এজাহাৰকাৰী মিনাজ উদ্দিনে ৷