মৰিগাঁৱৰ বৰিবজাৰত আৰক্ষীৰ অভিযানত ১১.৪০ গ্ৰাম হেৰ’ইনজব্দ , আটক দুই সৰবৰাহকাৰী

87

মৰিগাঁৱৰ বৰিবজাৰত আৰক্ষীৰ অভিযানত ১১.৪০ গ্ৰাম হেৰ’ইনজব্দ , আটক দুই সৰবৰাহকাৰী

ষ্টাফৰিপৰ্টাৰ , মৰিগাঁও , ১৫ ছেপ্তেম্বৰ : মৰিগাঁৱৰ বৰিবজাৰত আজি আৰক্ষীয়ে অভিযান চলাই হেৰ’ইনসহ দুজন সৰবৰাহকাৰীক আটক কৰা ঘটনাই সমগ্ৰ অঞ্চলটোতে তীব্ৰ জোকাৰণীৰ সৃষ্টি হৈছে । জানিব পৰা মতে,মৰিগাঁও জিলাৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত বৰিবজাৰৰ পাগহালীত আজি মিকিৰভেটা আৰক্ষীৰ এটা অভিযানকাৰী দলে গোপন সূত্ৰৰ পম খেদি চলোৱাৰ অভিযানত ১১.৪০ গ্ৰাম হেৰ’ইন জব্দ কৰিবলৈ সক্ষম হোৱাৰ লগতে দুজন লোকক আটক কৰে । মিকিভেটা আৰক্ষীয়ে আটক কৰা হেৰ’ইন সৰবৰাহকাৰী যুৱক দুজন বিশাল হীৰা আৰু ধৰ্মেন্দ্ৰ হীৰা বুলি জানিব পৰা গৈছে । আৰক্ষীয়ে বৰ্তমান আটকাধীন যুৱক কেইজনক অধিক তথ্যৰ বাবে জেৰা অৱ্যাহত ৰাখিছে । ইপিনে , এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ জোকাৰণীৰ সৃষ্টি হৈছে ।