শ্বহীদ চুড়ান্ত অপমান , আছুৰ শ্বহীদ বেদীত ভৰি তুলি বহি আৰু চেণ্ডেল পিন্ধি ফটো তুলিলে কাণ্ডজ্ঞান নথকা যুৱকে,তীব্ৰ প্ৰতিক্ৰিয়া ডিব্ৰুগড়ত

83

শ্বহীদ চুড়ান্ত অপমান , আছুৰ শ্বহীদ বেদীত ভৰি তুলি বহি আৰু চেণ্ডেল পিন্ধি ফটো তুলিলে কাণ্ডজ্ঞান নথকা যুৱকে,তীব্ৰ প্ৰতিক্ৰিয়া ডিব্ৰুগড়ত

দুৰ্নীতিৰ দৰ্পণ সেৱা , ডিব্ৰুগড় , ১৬ অক্টোবৰ : ডিব্ৰুগড়ত স্বহীদ চূড়ান্ত অপমান । বৰ্তমানৰ যুৱ প্ৰজন্ম কোন দিশে গতি কৰিছে । ব্যাপক চচ্চাৰ সন্মুখীন যুৱ প্ৰজন্ম । মাক-দেউতাকে দিয়া কেবা হাজাৰ টকীয়া এনডেট মোবাইল এতিয়া কিমান সৎ কামত ব্যৱহাৰ কৰিছে নে অকল পাপজী খেল , ফটো, চেল্ফি মাৰি দায়িত্ব সামৰিছে নেকি ন ন প্ৰশ্ন উত্থাপন হৈছে ডিব্ৰুগডত । যোৱা দুদিনৰ পূৰ্বে ডিকম উচ্চ মাধ্যমিক বিদ্যালয়ত থকা আছুৰ স্বহীদ বেদীত তিনিজন যুৱকে ন ন ডিজাইন দি ফটো তোলাত ব্যস্ত হৈ নিজৰ নিজৰ ফেচবুক একাউণ্টত ফটো আপলোড কৰিছিল । ফটো আপল’ড হোৱাৰ কেইঘন্টামান পাৰহোৱাৰ পাছতে বিষয়টো তোলপাৰ লাগে ডিব্ৰুগড়ত । জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থাৰ ডিকম আঞ্চলিক সমিতিৰ লগতে জাতীয় সংগঠন সমুহে ৰাজহুৱা কৈ ক্ষমা খোজাৰ দাবী তুলিছে ।