হোজাই আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক

54

হোজাই আৰক্ষীৰ জালত এজন প্ৰৱঞ্চক

দুৰ্নীতিৰ দৰ্পণ, ষ্টাফ ৰিপৰ্টাৰ , হবিবুৰ ৰহমান , ১০ ছেপ্তেম্বৰঃ এষাৰ কথা আছে , এশ গৰু মাৰিলে এক বাঘৰো মৰণ হয় ৷ তেনে ঘটনা সংগঠিত হৈছে হোজাইত ৷ দীৰ্ঘদিন আৰক্ষীৰ নামত একাংশ সহজ-সৰল লোকৰ পৰা লক্ষ-লক্ষ টকা সংগ্ৰহ কৰিছিল ইছলাম নগৰৰ প্ৰৱঞ্চক জাকিৰ হুছেইনে।অৱশেষত আৰক্ষীৰ জালত পৰিল প্ৰৱঞ্চক জাকিৰ ৷ বহু লোকক আৰক্ষী বিভাগত এচ, আইত চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰিছিল এইজন প্ৰৱঞ্চক জাকিৰে ৷ বন বিভাগক মেনেজ কৰি দৰিদ্ৰ লোকৰ আগৰ ধৰাই দি বহু লোকক ভিক্ষাৰী বনোৱাৰো অভিযোগ আছে এইজন জাকিৰৰ বিৰুদ্ধে ৷ ভয়ংকৰ গোচৰ থকা আচামীক এৰি দিব বুলি আৰক্ষীৰ নামত লক্ষ লক্ষ টকা লোৱাৰ অভিযোগ আছে ৷ বহু লোকক প্ৰৱঞ্চনা কৰি পথৰ ভিক্ষাৰী বনাইছে এই প্ৰৱঞ্চকে ৷ আৰক্ষী বিষয়াই তেওঁৰ কথা মতে , কাম নকৰিলে আৰক্ষী সঞ্চালক প্ৰধানৰ উচৰত ভুৱা অভিযোগ দি আৰক্ষীক ব্লেকমেইলিং কৰাৰো আন বহু অভিযোগ আছে ৷ প্ৰবঞ্চনাৰ বলি হোৱা লোকসকলৰ অভিযোগৰ ভিত্তিত হোজাই আৰক্ষীয়ে বৃহস্পতিবাৰে নিশা গুৱাহাটীৰ পৰা লোকজনক গ্ৰেপ্তাৰ কৰি শুক্ৰবাৰে হোজাই শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰে ৷ জাকিৰৰ লগত আন কেইজনমান কুখ্যাত লোক জড়িত আছে বুলি সন্দেহ কৰিছে সচেতন মহলে ৷ জাকিৰৰ গ্ৰুপটোৱে দীৰ্ঘদিনৰ পৰা ভু-মাফিয়াগিৰীৰে হোজাইৰ সহজ সৰল লোকৰ ভূমি বেদখল কৰি আহিছে বুলি জানিব পৰা গৈছে ৷ এই প্ৰৱঞ্চকৰ লগত জড়িত থকা কেইজনকো আৰক্ষীয়ে চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ দাবী উত্থাপন কৰিছে অঞ্চলবাসীয়ে ৷ সদায় আৰক্ষী সঞ্চালক প্ৰধানৰ লগত সু-সম্পৰ্ক থকা বুলি লেবেল দেখুৱাই আনক ঠগি আহিছে এই চক্ৰটোৱে ৷ হোজাই আৰক্ষী অধীক্ষক আৰু হোজাই থানাৰ আৰক্ষীয়ে প্ৰৱঞ্চক জনক গ্ৰেপ্তাৰ কৰাৰ বাবে ধন্যবাদৰ পাত্ৰ বুলি বিভিন্নজনে মত-প্ৰকাশ কৰিছে ৷