অসম কবি চক্ৰৰ প্ৰথম পূৰ্ণাঙ্গ অধিৱেশন সম্পন্ন ,অধ্যাপক আব্দুল মান্নানলৈ জীৱনজোৰা সাধনা সন্মান ,মনজিৎ সিঙলৈ কাব্যশশী আতৰ আলী চৌধুৰী স্মৃতি বঁটা

    3
    66

    অসম কবি চক্ৰৰ প্ৰথম পূৰ্ণাঙ্গ অধিৱেশন সম্পন্ন ,অধ্যাপক আব্দুল মান্নানলৈ জীৱনজোৰা সাধনা সন্মান ,মনজিৎ সিঙলৈ কাব্যশশী আতৰ আলী চৌধুৰী স্মৃতি বঁটা

    জমিৰ উদ্দিন তালুকদাৰ, ডবকা , ১৫ মাৰ্চঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কবিসকলক এখন শক্তিশালী মঞ্চ দিয়াৰ মানসেৰে ২০২০ বৰ্ষত গঠন হোৱা অসম কবি চক্ৰৰ প্ৰথম পূৰ্ণাঙ্গ ডবকা অধিৱেশন ১৪ মাৰ্চত সামৰণি পৰে ৷ ডবকা সূতাৰগাঁও গাঁও পঞ্চায়ত কাৰ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত অধিৱেনশৰ প্ৰথমটি কাৰ্যসূচী স্মৃতি তৰ্পণ কৰে ডবকা ডি চি এল জুনিয়ৰ কলেজৰ অধ্যক্ষ জিতুল লস্কৰে ৷ তাৰ পিছত পঞ্চায়ত কাৰ্যালয় চৌহদত অসম কবি চক্ৰৰ মুখ্য উপদেষ্টা আলহাজ মোস্তাফা আহমেদে বৃক্ষৰোপণ কৰাৰ অন্তত কবি মুজাম্মিল আলী দ্বাৰা মুকলি সভাৰ মঞ্চ মুকলি কৰা হয় ৷ তাৰ পিছতেই অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ প্ৰতিনিধি আৰু বিষয় বাচনি সভা ৷ প্ৰতিনিধি সভাই সৰ্বসন্মতি ক্ৰমে অধ্যাপক ডঃ হাছিনুচ চুলতানক সভাপতি, মুজাম্মিল আলী, অচ্যুৎ ঠাকুৰীয়াক উপ সভাপতি, জমিৰ উদ্দিন তালুকদাৰক সাধাৰণ সম্পাদক, ৰফিক উদ্দিনক আলোচনী সম্পাদক হিচাপে লৈ এখনি শক্তিশালী ৪১ জনীয়া এখন সমিতি গঠন কৰি দিয়ে ৷ মহিলা কবি সকলৰ বাবে নাৰী কণ্ঠ নামৰ অনুষ্ঠানটোৰ সমন্বয়ক হিচাপে বেবীৰাজ ৰাজখোৱা আৰু যুৱকণ্ঠৰ সমন্বয়ক হিচাপে জাবিৰ হুছেইনক দায়িত্ব অৰ্পণ কৰা হয় ৷ প্ৰতিনিধি সভাই অসম কবি চক্ৰৰ সাংগঠনিক কাম-কাজ, লক্ষ্য-উদ্দেশ্য ৰূপায়নৰ বাবে এখন সংবিধানো গ্ৰহণ কৰে ৷ সংবিধানখনৰ খচৰা প্ৰস্তুত কৰি দিয়ে ডবকা হাজী আনফৰ আলী কলেজৰ বুৰঞ্জী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ মছদ্দৰ আলীয়ে ৷ প্ৰতিনিধি সভাৰ অন্তত সদ্য প্ৰয়াত শেৱালীৰ কবি খ্যাত আলেয়া তালুকদাৰৰ স্মৃতিত কবিতা পাঠৰ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ কবিতা পাঠ অনুষ্ঠানৰ সঞ্চালনা কৰে বিশিষ্ট কবি প্ৰদীপ কুমাৰ গাভৰুপৰীয়াই ৷ সহ সঞ্চালক হিচাপে থাকে জিতুল লস্কৰ ৷ তাৰ পিছতেই অনুষ্ঠিত হয় মুকলি সভা, বঁটা আৰু সন্মান বিভূষণ প্ৰদান অনুষ্ঠান ৷ অসম কবি চক্ৰৰ সভাপতি ডঃ হাছিনুচ চুলতানৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে অসম কবি চক্ৰৰ কাব্য মন্ত্ৰ ‘তোৰে মোৰে আলোকৰে যাত্ৰা’ শীৰ্ষক গীতটি পাঠ কৰে বিদিশা বাগলাৰী, মাৰুফা বেগম, ফাৰমিন বেগম আৰু নাজমা বেগমে ৷ মুকলি সভাত আদৰণি ভাষণ পাঠ কৰে জমিৰ উদ্দিন তালুকদাৰে আৰু উদ্বোধনী বক্তব্য আগবঢ়ায় সূতাৰ গাঁও পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইন তালুকদাৰে ৷ মুকলি সভাত অসম কবি চক্ৰৰ কাব্য গ্ৰন্থ ‘আকাশীগঙ্গা’ উন্মোচন কৰে লংকা মহাবিদ্যালয়ৰ অধ্যাপক কমলেশ্বৰ কলিতাই ৷ সভাত ফাৰিহা জামান চৌধুৰীৰ কবিতা পুথি ‘অস্ত আকাশৰ তুমিয়েই জোনাক’ মুজাম্মিল আলীৰ ‘জীৱনৰ পৰিকল্পনা’ আৰু ‘পৃথিৱী আকৌ ন’কৈ গাভৰু হ’ব’ আৰু ৰাজুল আহমেদ তালুকদাৰৰ ‘সেউজ প্ৰকৃতি’ উন্মোচন কৰা হয় ৷ সভাত অসম কবি চক্ৰৰ ২০২১ বৰ্ষৰ জীনজোৰা সাধনা সন্মান গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিসংখ্যা বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, বিশিষ্ট মানৱ অধিকাৰ কৰ্মী আব্দুল মান্নানলৈ প্ৰদান কৰা হয় ৷ তেখেতক মানপত্ৰ, স্মাৰক, চেলেং, জাপি আৰু গামোছাৰে সন্মান জনোৱা হয় ৷ সভাখনত দ্বিতীয় বাৰ্ষিক কাব্যশশী আতৰ আলী চৌধুৰী স্মৃতি বঁটা-২০২১ বিশিষ্ট কবি, সাহিত্যিক মনজিৎ সিঙক প্ৰদান কৰা হয় ৷ অসম কবি চক্ৰৰ সন্মানীয় শিক্ষা সাধনা সন্মান তিনিগৰাকী বিশিষ্ট শিক্ষাবিদ ক্ৰমে নীলবাগান মডেল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ফাইজ মোহাম্মদ বৰভূঞা, ডবকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বদৰুল ইছলাম বেগ আৰু আইনুল হক চৌধুৰীলৈ প্ৰদান কৰা হয় ৷ কাব্য সাধনা সন্মান-২০২১ প্ৰদান কৰা হয় ক্ৰমে বিশিষ্ট কবি অচ্যুৎ ঠাকুৰীয়া, বেবীৰাজ ৰাজখোৱা, দিলাল আহমেদ, মুজাম্মিল আলী, ৰফিক উদ্দিন, ছিৰাজ তালুকদাৰ আৰু ৰিজুমণি কটকীক ৷ বঁটা প্ৰদান অনুষ্ঠানটি পৰিচালনা কৰে অসম কবি চক্ৰৰ মুখ্য সংগঠক ইমৰান হুছেইন মদুমদাৰে ৷ একেদৰে অসম কবি চক্ৰৰ যুৱ কবি সন্মান-২০২১ কবি তপন কুমাৰ নগঞা, ইমৰান হুছেইন মজুমদাৰ, ৰিয়াজুল আলম পাটোৱাৰী, জাবিৰ হুছেইন, আনোৱাৰ হুছেইন বৰভূঞা আৰু দিলৱাৰ হুছেইনক প্ৰদান কৰা হয় ৷ মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অধ্যাপক কমলেশ্বৰ কলিতা, জ্যেষ্ঠ চিকিৎসা বিষয়া আনোৱাৰ হুছেইন চৌধুৰী, অসম কবি চক্ৰৰ মুখ্য উপদেষ্টা আলহাজ মোস্তাফা আহমেদ, ৰহমান ফাৰ্মাচী কলেজ, সোনাপুৰৰ অধ্যক্ষ ডঃ হবিবুৰ ৰহমান, ডবকা শাখা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক সভাপতি জামাল আহমেদ, উদালী কলেজৰ অধ্যক্ষ নুৰুল ইছলাম লস্কৰ সহ বহুকেইগৰাকী বিশিষ্ট কবি, সাহিত্যিক ৷ সভাখনত অসম কবি চক্ৰৰ সাধাৰণ সম্পাদক জমিৰ উদ্দিন তালুকদাৰক কাব্য সেৱা সন্মান প্ৰদান কৰা হয় ৷ শেষত কাব্য মন্ত্ৰ পাঠেৰে অসম কবি চক্ৰৰ মুকলি সভাৰ সামৰণি ঘোষণা কৰা হয় ৷

    3 COMMENTS

    1. If some one wishes expert view on the topic of blogging and site-building
      afterward i propose him/her to go to see this blog, Keep up the
      pleasant job.

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here