আজমলৰ মন্তব্যক বিকৃত ! হোজাইত সংবাদমেল আজমলৰ , প্ৰচাৰিত ভিডিঅটো এডিট কৰা ভূৱা ভিডিঅ প্ৰচাৰ কৰা এল আৰ অ’ৰ বিৰুদ্ধে গোচৰ তৰা হ’বঃ আজমল

    0
    97

    আজমলৰ মন্তব্যক বিকৃত ! হোজাইত সংবাদমেল আজমলৰ , প্ৰচাৰিত ভিডিঅটো এডিট কৰা ভূৱা ভিডিঅ প্ৰচাৰ কৰা এল আৰ অ’ৰ বিৰুদ্ধে গোচৰ তৰা হ’বঃ আজমল

    ছাদিকুজ জামান , মোৰাঝাৰ , ১০ মাৰ্চ : নির্বাচনৰ গৰম বতাহ । চাৰিওফালে FAKE NEWSৰ প্ৰচাৰ । আজমলৰ মন্তব্যক বিকৃত ৰূপ ! অসমত সাম্প্ৰদায়িক উন্মাদনা সৃষ্টিৰ অপচেষ্টা অব্যাহত ! ইয়াক লৈ একাংশ লোকৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হয় যদিও পিছত আজমলৰ প্ৰতিক্ৰিয়া পাই ৰাইজে সকলো বুজি পাইছে ৷ আচলতে বদৰুদ্দিন আজমলে প্ৰকৃততে কি কৈছিল ? তেওঁ প্ৰকৃততে কৈছিল নেকি-ভাৰতবৰ্ষ ইছলামিক ৰাষ্ট্ৰ,মুছলিম ৰাষ্ট্ৰ হ’বলৈ ? মোগলে শাসন কৰিব ! আচলতে আজমলে তেনেধৰে কোৱা নাই বুলি সংবাদমেলত নিজৰ স্থিতি স্পষ্ট কৰে৷ আজমলে স্পষ্টকৈ তেতিয়া ভাষণত উল্লেখ কৰিছিল-আঠ শ বছৰ মোগলে শাসন কৰাৰ পিছতো ভাৰতবৰ্ষ মুছলিম ৰাষ্ট্ৰ নহ’ল , দুই শ বছৰ ইংৰাজে শাসন কৰাৰ পিছতো ভাৰতবৰ্ষ খ্ৰীষ্ট্ৰান ৰাষ্ট্ৰ নহ’ল ৷ তেনে প্ৰেক্ষাপটত এটা দলে ভাৰতবৰ্ষ মুছলিম ৰাষ্ট্ৰত পৰ্যৱেশিত কৰিব ! হাঁহিবলগীয়া বিষয় ৷ ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ, ধৰ্ম নিৰপেক্ষ আছিল আৰু ধৰ্ম নিৰপেক্ষ থাকিব ৷ এটা বিতৰ্কিত ভিডিঅ ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত হোজাইস্থিত আজমল হাউচত আজি বদৰুদ্দিন আজমলে সংবাদমেলৰ আয়োজন কৰে ৷ অসমত মিত্ৰজোঁটৰ চৰকাৰ অহাৰ শংকাত ভূগি বিৰোধীয়ে ভূৱা বিডিঅ প্ৰস্তুত কৰি AIUDF ৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছে বুলি অভিযোগ কৰে বদৰুদ্দিন আজমলে ৷ সংবাদ মেলত অভিযোগকাৰী এল আৰ অ’ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বদৰুদ্দিন আজমলে ৷তেও কয়- LRO নামৰ এটা ফেইক এন জি অ’ই যোৱা কালি এটা বিডিঅ ভাইৰেল কৰিছে ৷ অসমত ইছলামিক স্থান বনোৱাৰ কথা কৈ মোৰ বিৰুদ্ধে এটা ভূৱা প্ৰচাৰ চলাই আমাৰ হিন্দু ভোটাৰ ভাইসকলৰ ভোট নষ্ট কৰাৰ ষড়যন্ত্ৰ কৰিছে৷ এই বিডিঅটো ১০০ % মিছা ৷ তেওৰ হাতত মূল বিডিঅ আছে ,যিটোৰ লগত এডিটিং কৰা ভিডিঅটোৰ কোনো মিল নাই ৷ এতিয়া ভূৱা অপপ্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে আজমলে আইনৰ কাষ চাপি আৰক্ষীক গোচৰ দিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে ৷ আজমলৰ সন্দেহ অসমত AIUDFৰ ৰাজনৈতিক শত্ৰু সকলে এইবোৰ কৰি আছে ৷ যিয়েই নকৰক কিয় এইবাৰ অসমত মিত্ৰজোঁটৰ চৰকাৰ আহিব , সেয়া নিশ্চিত বুলি আজমলৰ দাবী কৰে ৷ উল্লেখ্য যে , প্ৰচাৰিত ভূৱা ভিডিঅ সন্দৰ্ভত বদৰুদ্দিন আজমলে আৰু কয়- অনুমানিক যোৱা বছৰত বৰপেটাৰ কোনোবা এখন সভাৰ ভিডিঅ এইটো ৷ ইয়াৰ মূল অংশ এডিট কৰি এটা অংশহে এবছৰ পিছত প্ৰকাশ কৰিছে ৷ নিৰ্বাচনৰ সময়ত ৰাজনৈতিক স্বাৰ্থৰ বাবেই বিডিঅটো এডিট কৰা হৈছে,এয়া বিৰোধীৰ ষড়যন্ত্ৰ ৷ এই সন্দৰ্ভত আজিয়েই গোচৰ তৰা হ’ব আৰু নিৰ্বাচন আয়োগতো অভিযোগ দাখিল কৰাৰ কথা উল্লেখ কৰে বদৰুদ্দিন আজমলে ৷ আজমলে লগতে কয়-এইবাৰ বিজেপি শংকিত হৈছে,কাৰণ মহাজোঁটে অসমত চৰকাৰ গঠন কৰিব, সেই উমান পাই এটা চক্ৰ অপপ্ৰচাৰত লিপ্ত হৈ পৰিছে ৷ যিয়েই নকৰক কিয়-আমি অকলে কমেও ১৮ খন আসনত জয়ী হম ৷ ইয়াৰ পিছতো হাগ্ৰামাসহ অন্যান্য মিত্ৰদলেও বহু কেইখন আসন লাভ কৰিব ৷ সেয়েহে আমি অসমত কংগ্ৰেছৰ মহাজোঁটৰ সৈতে মিলি চৰকাৰ গঠন কৰিম বুলি আজমলে মন্তব্য কৰে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here