উত্তৰ জামুগুৰি স্বাস্থ্য কেন্দ্ৰত কভিড-১৯ ভেকচিন প্ৰদান কাৰ্যসূচী মুকলি

0
130

উত্তৰ জামুগুৰি স্বাস্থ্য কেন্দ্ৰত কভিড-১৯ ভেকচিন প্ৰদান কাৰ্যসূচী মুকলি
দুনীতিৰ দৰ্পণ সেৱা , জামুগুৰিহাটৰ পৰা চন্দন শৰ্মাৰ প্ৰতিবেদন , ২৮ জানুৱাৰীঃ সমগ্ৰ পৃথিৱীকে জোকাৰি যোৱা কভিড-১৯ ৰ প্ৰতিশেধক প্ৰদানৰ কাম বৃহস্পতিবাৰে আৰম্ভ হয় জামুগুৰিহাটৰ ধলাইবিলত । শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ উত্তৰ জামুগুৰি প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আনুষ্ঠানিক ভাৱে মুকলি কৰা হয় কভিড-১৯ ৰ প্ৰতিশেধক ক’ভাকচিন প্ৰদান কাৰ্যসুচী।এই উপলক্ষে অনুষ্ঠিত এক সভাত স্বাস্থ্য কেন্দ্ৰটোৰ মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া অলিমা নাথ সোণোৱালে অংশগ্ৰহণ কৰি প্ৰথম পৰ্যায়ত চিকিৎসক চিকিৎসা কৰ্মী তথা অংগনবাড়ী কৰ্মী সকলক এই ভেকচিন প্ৰদান কৰা হব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে এই ভেকচিন ললে কোনো পাৰ্শ্বক্ৰিয়া নহয় বুলি কৈ সকলোকে এই ভেকচিন লৈ মহামাৰি ৰূপি ভাইৰাছক নি:শেষ কৰাৰ আহ্বান জনায় । ইফালে , এই প্ৰতিশেধক শিবিৰত প্ৰথমটো ভেকচিন লয় স্বাস্থ্য কেন্দ্ৰটোৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ড: অলিমা নাথ সোণোৱালে । জানিব পৰা মতে , স্বাস্থ্য কেন্দ্ৰটোৰ অধীনৰ ভালে কেইখন স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক চিকিৎসা কৰ্মী তথা অংগনবাড়ী কৰ্মীকে ধৰি এক হাজাৰ গৰাকীক এই প্ৰতিশেধক দিয়া হব । পৰবৰ্তী পৰ্যায়ত এই ভেকচিন সকলো শ্ৰেণীৰ লোকৰ বাবে মুকলি কৰা হব বুলিও স্বাস্থ্য বিষয়া গৰাকীয়ে জানিবলৈ দিয়ে । উল্লেখ্য যে , এই ভেকচিন লোৱাৰ পিছত ২৮ দিনৰ মুৰত দ্বিতীয়টো ড’জ গ্ৰহণ কৰিব লাগিব। প্ৰতি দিনে এশ গৰাকীক এই ভেকচিন প্ৰদানৰ লক্ষ্য বান্ধি লোৱা হৈছে স্বাস্থ্য কেন্দ্ৰটোত । এই শিবিৰত স্বাস্থ্য কৰ্মী সকলে স্বতস্ফুট ভাৱে ভেকচিন লবলৈ আগবাঢ়ি অহা কাৰ্যই ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here