উত্তৰ শালমাৰাত ধুমুহাৰ তাণ্ডৱ , বিস্তৰ ক্ষতি

    0
    35

    উত্তৰ শালমাৰাত ধুমুহাৰ তাণ্ডৱ , বিস্তৰ ক্ষতি

    দুৰ্নীতিৰ দৰ্পণ সেৱা , অভয়াপুৰীৰ, জ্যোতিকেশ বৰুৱা , ৮ এপ্ৰিলঃ আজি পুৱা আঠ মান বজাত উত্তৰ শালমাৰা মহকুমাৰ ওপৰেৰে বৈ যোৱা এজাক প্ৰচণ্ড ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰি থৈ যায় । ধমুহাই মহকুমাটোৰ কাকৈজানা অঞ্চলৰ ঘৰ-দুৱাৰ,প্ৰকাণ্ড প্ৰকাণ্ড গছ গছনি ভাঙি চুৰ মাৰ কৰি থৈ যোৱাৰ উপৰিও কাকৈজানা মধ্য ইংৰাজি বিদ্যালয়ৰ চালৰ টিনপাত উৰুৱাই লৈ যায় । ধুমুহাই বিদ্যালয় খনৰ শৌচাগাৰৰ ওপৰত এটি প্ৰকাণ্ড গছ বাগৰি পেলোৱাত শৌচাগাৰটোৰো বিস্তৰ ক্ষতি হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিছে । ইফালে , ৰঙালী বিহুলৈ মাত্ৰ কেইটামান দিন বাকী থকা অৱস্থাত বৰদৈ চিলাই আগতিয়াকৈ অঞ্চলটোত মোক্ষম আঘাতত সমগ্ৰ অঞ্চল বাসী ৰাইজে চিন্তান্বিত হৈ পৰা বুলি সচেতন ৰাইজে জানিবলৈ দিছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here