উন্নয়নৰ বিপৰীত ছবি ২২ নং দক্ষিণ সমষ্টিৰ হাজিৰহাটত

    0
    86

    উন্নয়নৰ বিপৰীত ছবি ২২ নং দক্ষিণ সমষ্টিৰ হাজিৰহাটত
    দুৰ্নীতিৰ দৰ্পণ সেৱা, হাটশিঙিমাৰী,২৪ ফেব্ৰুৱাৰীঃ নিৰ্বাচন সমাগত, নিৰ্বাচনী চমক সৃষ্টিৰ বাবে আধাৰশিলা নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা নামিছে শাসকীয় দলৰ বিধায়ক মন্ত্ৰীৰ সমান্তৰালভাৱে বৰ্তমানৰ বিভিন্ন দলৰ বিধায়ক সকলে ৷ দক্ষিণ শালমাৰা সমষ্টিৰ বিভিন্ন ঠাইত প্ৰায় প্ৰতিদিনে ডৰ্জনে ডৰ্জনে আধাৰশিলা উদ্বোধন কৰাত ব্যস্ত দক্ষিণ শালমাৰাৰ বিধায়ক ৱাজেদ আলী চৌধুৰী ৷ কিন্তু সমষ্টিটোৰ শেষ প্ৰান্তত হাজিৰহাট গাওঁ পঞ্চায়ত দিনক দিনে উন্নত নহয় অনুন্নতৰ ফালে গতি কৰিছে ৷ পাঁচ বছৰে কোনো উন্নয়ন কৰা নাই হাজিৰহাট অঞ্চলত বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে আনকি কৰোণা মহামাৰীৰ সময়চোৱাতো উক্ত অঞ্চলৰ ৰাইজৰ খবৰ লোৱা নাই বিধায়ক গৰাকীয়ে৷ যাৰ বাবে ক্ষোভিত হৈছে হাজিৰহাট অঞ্চলৰ ৰাইজ ৷ ১১ হাজাৰেৰো অধিক ভোটাৰ থকা হাজিৰহাট গাওঁ পঞ্চায়তৰ উন্নয়নৰ নমুনা দেখিলে আপোনালোকৰ চকু কপালত উঠিব ৷ বিধায়ক পুজিৰ কোনো আঁচনিয়ে ঢুকি পোৱা নাই পঞ্চায়ত খনত বুলি দাবী উত্থাপন কৰিছে হাজিৰহাট অঞ্চলৰ ৰাইজৰ ৷ উল্লেখ্য যে ,কেইবাটাও চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠান হাজিৰহাট বজাৰৰ কাষতে অৱস্থিত ৷ এফালৰ পৰা কবলৈগলে হাজিৰহাট সমবায় সমিতি,জোনাকী জাতীয় বিদ্যালয়,আৰক্ষী ৱাছপোষ্ট,প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়,হাজিৰহাট এম ই স্কুল, হাজিৰহাট এল পি স্কুল,হাজিৰহাট গাৰ্লছ এম ই স্কুল,হাজিৰহাট গাওঁ পঞ্চায়ত কাৰ্য্যালয় আৰু মছজিদৰ লগতে এখন বহু পুৰণি বজাৰ ৷ ইমানবোৰ প্ৰতিষ্ঠান থকা ঠাইখনলৈ যোৱাৰ নাই কোনো ধৰণৰ ৰাস্তা ৷ খৰালিৰ সময়চোৱাত যেনিতেনি যায় যদিও বাৰিষাকালত সম্পূৰ্ণৰূপে বন্ধহৈ পৰে প্ৰতিষ্ঠানবোৰ আৰু প্ৰায় পাঁচ শতাধিক ছাত্ৰ-ছাত্ৰীৰ পঢ়াশুনাত বহুত ব্যাঘাত জন্মে ইফালে বজাৰৰ দোকানী বিলাকে বজাৰ খন বন্ধ থকাৰ বাবে শোচনীয় অৱস্থাহৈ পৰে ৷ এই অঞ্চলটো বিধায়ক ওৱাজেদ আলীৰ চকুত পৰিব নে ? এতিয়া এনেকুৱা ধৰণে প্ৰশ্ন উত্থাপন হৈছে ৰাইজৰ মাজত বিজেপি চৰকাৰে উন্নয়নৰ শ্লোগান দি দিছপুৰ দখল কৰি পাঁচ বছৰ পাৰ কৰিলে , কিন্তু উন্নয়নৰ মূখ নেদেখিলে উক্ত অঞ্চলৰ ৰাইজে , একেই যন্ত্ৰণা দায়ক যাতায়ত অব্যাহত ৰাখিছে উক্ত অঞ্জলৰ ৰাইজে ৷ এইবা ২১ৰ নিৰ্বাচনৰ পূৰ্বে যাতায়তৰ সুব্যৱস্থা কৰিবলৈ দাবী জনায় জিলা প্ৰশাসনক, অন্যথাই স্কুলীয়া ছাত্ৰ-ছাত্ৰী আন্দোলনত নামিব বুলি সকিয়াই দিছে চৰকাৰক ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here