উৰ্মিমালা মডেল গ্ৰাম্য সংগঠনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন

    0
    45

    উৰ্মিমালা মডেল গ্ৰাম্য সংগঠনৰ উদ্যোগত আন্তৰ্জাতিক নাৰী দিৱস পালন

    আব্দুল জলিল , বৰপেটাঃ পাকাবেতবাৰী উন্নয়ন খণ্ডৰ অধীনস্থ মধ্যবেতবাৰী গাওঁ পঞ্চায়তৰ কমিউনিটি হলত আন্তৰ্জাতিক নাৰী দিৱস উদযাপন উপলক্ষে এখনসভা অনুষ্ঠিত কৰে ৷ সভাখনত নাৰীৰ অধিকাৰ,বাল্য বিবাহ বন্ধ কৰা, ছোৱালী সকলক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰা,যৌতুক প্ৰথা বন্ধ কৰা আদি বিভিন্ন বিষয়ত আলোকপাত কৰে ৷ বৰপেটা জিলা প্ৰকল্প প্ৰবন্ধক সুমিত প্ৰসাদ দাসে কয় , নাৰী সকলৰ সৱলীকৰণৰ ক্ষেত্ৰত উৰ্মিমালা মহিলা গ্ৰাম্য সংগঠনে উল্লেখ যোগ্য ভূমিকা পালন কৰি আহিছে ৷ গতিকে,অনাগত সময়ত মহিলা সকলৰ সৱলীকৰণৰ ক্ষেত্ৰত সকলো ধৰণৰ পৰামৰ্শ আৰু সহযোগিতা কৰিব বুলি আশ্বাস প্ৰদান কৰে ৷ সভাখনত উপস্থিত থাকি বক্তব্য প্ৰদান কৰে জিলা ফান্সনেল এক্সপাৰ্ট হিৰণ্য ডেকা,বিপিএম ধনজিৎ দাস,সফিউৰ ৰহমান,গোট সমূহৰ সভানেত্ৰী সম্পাদিকা ক্ৰমে আকলিমা আহমেদ,ছাহেৰা খাতুন,জহুৰা খাতুন,মনোমতী চৌধুৰী,মিঠুবালা মণ্ডলকে আদি কৰি বহুকেইজন ব্যক্তিয়ে বক্তব্য প্ৰদান কৰে ৷ সভাখনত উপস্থিত থাকি বিপিএম ধনজিৎ দাসে মহিলা সকলক প্ৰশংসা কৰে ৷ লগতে মহামাৰী কৰোনা ভাইৰাছ কভি’ড ১৯ ৰ সময়ত অসমৰ নাৰী সকলে এক কৌটি সাতচল্লিশ হাজাৰ মাস্ক তৈয়াৰ কৰি বিতৰণ কৰা বুলি জানিবলৈ দিয়ে ৷ মহিলা সকলৰ এইটো এটা মহান পদক্ষেপ ৷ উৰ্মিমালা মহিলা সংগঠনৰ সভানেত্ৰী হামিদা খাতুনে কয় লৰা ছোৱালী সকলক সুশিক্ষাৰে শিক্ষিত কৰাৰ দায়িত্ব নাৰী সমাজে পালন কৰিব লাগিব ৷ সুশিক্ষাৰে শিক্ষিত কৰিলেহে এটা সুন্দৰ সমাজ আৰু সুন্দৰ পৰিবেশ গঢ়ি তুলিব পৰা যাব ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here