একাংশ অসাধু চক্ৰই বৃদ্ধি কৰিছে গুটখা-পাণ মছলাৰ দামঃ নীৰৱ হোজাই জিলা প্ৰশাসন

    0
    42

    একাংশ অসাধু চক্ৰই বৃদ্ধি কৰিছে গুটখা-পাণ মছলাৰ দামঃ নীৰৱ হোজাই জিলা প্ৰশাসন

    ছাদিকুজ জামান , মোৰাঝাৰ , ২৪ এপ্ৰিলঃ একাংশ অসাধু চক্ৰই বৃদ্ধি কৰিছে গুটখা-পাণ মছলাৰ মূল্য।যোৱা বৰ্ষত হোৱা লক-ডাউনৰ সময়ছোৱাত একাংশ অসাধু ব্যৱসায়ীয়ে পাণ মচলা আৰু গুটখাৰ দাম দুগুণ বৃদ্ধি কৰি কোটি কোটি টকাৰ মুনাফা অর্জন কৰিছিল। কিন্তু এইবেলি অসমত এই পৰ্য্যন্ত চৰকাৰে লক-ডাউন ঘোষণাই কৰা নাই কিন্তু একাংশ গুটখা ব্যৱসায়ীয়ে গুটখাৰ নাটনি হোৱাৰ অজুহাত দেখুৱাই কোটি কোটি টকাৰ কলা বেহা আৰম্ভ কৰা পৰিলক্ষিত হৈছে ‌। উল্লেখ্য যে, হোজাই জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত ডবকা, যমুনামুখ আৰু মোৰাঝাৰ অঞ্চলতো গুটখাৰ নামত পুনৰ লুন্ঠনৰাজ চলোৱাৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে । বিশেষকৈ ডবকা নগৰৰ লগতে যমুনামুখ গ্ৰাম্য চহৰত একাংশ গুটখাৰ বেপাৰীয়ে ইতিমধ্যে গুটখাৰ নাটনি হোৱাৰ অজুহাত তুলি অবৈধভাৱে গুটখা আৰু পাণ মচলাৰ মূল্য অধিক বৃদ্ধি কৰিছে। এক বিশেষ সূত্ৰ‌ে জানিব পৰা মতে যমুনামুখৰ এই সকল গুটখাৰ পাইকাৰী দোকানীয়ে এক বৃহত পৰিমানৰ গুটখা পুর্বৰে পৰা গোদামত মজুত কৰি ৰাখি বর্তমান ক’ৰণাৰ অজুহাত দেখুৱাই ব্যাপক হাৰত লুন্ঠন চলাইছে।একাংশ গেলামালৰ ব্যৱসায়ী সকলে ম্যাদ উকলা সামগ্ৰী গ্ৰাহকক যোগান ধৰি সহজ সৰল লোকক এক প্ৰকাৰ মৃত্যু মুখত ঠেলি দিয়াৰ অভিযোগ উত্থাপন হৈছে ।হোজাই জিলাৰ যোগান বিভাগে ব্যৱসায়ীক প্ৰতিষ্ঠান সমূহৰ ওপৰত কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। এই সমগ্ৰ বিষয়টো প্রশাসনে তদন্ত কৰি এই সকল অবৈধ গুটখাৰ বেপাৰ কৰা পাইকাৰী দোকানীক নাকি লগাবলৈ বিভিন্ন মহলে দাবী উত্থাপন কৰিছে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here