এডু‍- কালচাৰেল পইণ্টৰ উদ্যোগত তৃতীয় বাৰ্ষিক বিহু কৰ্মশালাৰ শুভাৰম্ভ

    0
    66

    এডু‍- কালচাৰেল পইণ্টৰ উদ্যোগত তৃতীয় বাৰ্ষিক বিহু কৰ্মশালাৰ শুভাৰম্ভ


    দুৰ্নীতিৰ দৰ্পণ সেৱা, বৰপেটা, ২৩ মার্চ: গোটেই অসমবাসীয়ে বিহুটি আদৰিবলৈ লোৱাৰ সময়তে সৰভোগৰ এডু‍- কালচাৰেল পইণ্টৰ উদ্যোগত তৃতীয় বাৰ্ষিক বিহু কৰ্মশালাৰ আয়োজন কৰা হয় । কালি কৰ্মশালাখনিৰ শুভাৰম্ভণি কৰে বৰনগৰৰ বিশিষ্ট শিল্পী ভবানন্দ দাস (পাঠক) , শংকৰদেৱ শিশু নিকেতনৰ আচাৰ্য বিপুল তালুকদাৰ আৰু উপাচাৰ্য ৰুদ্ৰকান্ত দাসে। লগতে অনুষ্ঠানত উপস্থিত থাকে বৰনগৰৰ বহু ন-পুৰণি শিল্পী তথা ছাত্ৰ ছাত্ৰী আৰু অভিভাৱকসকল। অনুষ্ঠানটিত এডু‍- কালচাৰেল পইণ্টৰ সাংস্কৃতিক বিভাগৰ তত্ত্বাৱধায়ক মেজাংকৰী , অসম বিহুৱতী তথা অসমৰ বিভিন্ন বিহু মঞ্চত স্থান পাবলৈ সক্ষম হোৱা সৰভোগৰ জীয়ৰী জুনু তালুকদাৰৰ তত্বাৱধানত বৰনগৰ অঞ্চলৰ বহুতো ন-পুৰণি শিল্পীক সম্বৰ্ধনা আগবঢ়োৱা হয় । ইয়াৰ লগতে কৰ্মশালাটিত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে মানসজ্যোতি বৰা (বিহুৱা), বিতপী গগৈ(বিহুৰাণী) , জুনু তালুকদাৰ (মেজাংকৰী), পংকজ দাস(বিহুৱা), গৌতম দাস (বিহুৱা)৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here