এন কে হাইস্কুল খেলপথাৰত সৰ্বশিক্ষা অভিযান মিছনৰ উদ্যোগত সম্প্ৰদায় উৎসৱ

0
73

এন কে হাইস্কুল খেলপথাৰত সৰ্বশিক্ষা অভিযান মিছনৰ উদ্যোগত সম্প্ৰদায় উৎসৱ

আব্দুল জলিল ,২০ ফেব্ৰুৱাৰীঃ অসম সৰ্বশিক্ষা অভিযান মিছনৰ নিৰ্দেশক্ৰমে বৰপেটা জিলাৰ বৰপেটা প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ভক্তৰডবা সমল কেন্দ্ৰত আজি দিনযোৰা কাৰ্যসূচীৰে সম্প্ৰদায় উৎসৱ অনুষ্ঠিত হৈ যায় । ভক্তৰডবা, নলীগাঁও আৰু পিঠাদি সমল কেন্দ্ৰৰ এলেকাধীন শিক্ষানুষ্ঠানসমূহক লৈ অনুষ্ঠিত হোৱা এই উৎসৱ পুৱা বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আৰম্ভ হয় । পুৱা সাংস্কৃতিক শোভাযাত্ৰা উদ্বোধন কৰে হৰেন্দ্ৰ -চিত্ৰা কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ ছৈয়দ তবিবৰ ৰহমানে । সাংস্কৃতিক শোভাযাত্ৰাত এন কে হাইস্কুলে প্ৰথম, ৮১২ নং নলীগাও প্ৰাথমিক বিদ্যালয়ে দ্বিতীয় আৰু নলীগাঁও হাবিবীয়া প্ৰি ছিনিয়ৰ মাদ্ৰাছাই তৃতীয় স্থান দখল কৰে । চিত্ৰাঙ্কন প্ৰতিযোগিতাত উত্তৰ নলীগাও প্ৰাথমিক বিদ্যালয়ৰ নাছিমা খাতুনে প্ৰথম,১৩৫৪/৯ নং কাৱৈমাৰী প্ৰাথমিক বিদ্যালয়ৰ সাহিল আহমেদে দ্বিতীয়, আৰু ৮১২ নং নলীগাঁও প্ৰাথমিক বিদ্যালয়ৰ ৰাজু আহমেদে তৃতীয় স্থান দখল কৰে । আকস্মিক বক্তৃতা প্ৰতিযোগিতাত এন কে হাইস্কুলৰ ছাদ্দাম হুছেইনে প্ৰথম, দেশভক্ত হাইস্কুলৰ হাবিজুৰ ৰহমানে দ্বিতীয় আৰু এন কে হাইস্কুলৰ ইনজামাম -উল -হকে তৃতীয় স্থান দখল কৰে । আনহাতে , কুইজ প্ৰতিযোগিতাত মধ্য কাৱৈমাৰী হাইস্কুলৰ আফজাল হক, ৰবিয়াল হক আৰু ৰমেজ উদ্দিনৰ দলে প্ৰথম, নলীগাও হাবিবীয়া প্ৰি-ছিনিয়ৰ মাদ্ৰাছাৰ জৰিণা খাতুন, পৰশ আলী আৰু হনুফা খাতুনৰ দলে দ্বিতীয় স্থান আৰু হেলছা নলীৰ পাম এম ই মাদ্ৰাছাৰ সবজুল আলম, মিৰাজুল হক আৰু মৰ্জিয়ানা খাতুনৰ দলে তৃতীয় স্থান দখল কৰে । আবেলি এন কে হা‌ইস্কুলৰ প্ৰধান শিক্ষক ইয়াকুব আলী আহমেদেৰ সভাপতিত্বত মুকলি আৰু বঁটা বিতৰণী সভা অনুষ্ঠিত হয় । বঁটা বিতৰণী সভাত বৰপেটা জিলা সমগ্ৰ শিক্ষা অভিযানৰ আঁচনি বিষয়া নিৰঞ্জন ওজা,ভক্তৰডবা সমল কেন্দ্ৰৰ সমন্বয়ক ছামছুল হক, নলীগাঁও মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক ৰাহুল আমিন, পিঠাদি পাম সমল কেন্দ্ৰৰ সমন্বয়ক উৎপল কুমাৰ বায়ন, দক্ষিণ পাকা মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক মজিবৰ ৰহমান খান, হৰেন্দ্ৰ চিত্ৰা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ইনামূল হক, বৰপেটা শিক্ষা খণ্ডৰ বিশেষভাৱে সক্ষম শিশুৰ অতিৰিক্ত সমল ব্যক্তি আহাম্মদ আলী, ঠেকা শৰণাৰ্থী হাইস্কুলৰ সহকাৰী শিক্ষক আতোৱাৰ ৰহমান,কনিষ্ট অভিযন্তা ফয়েজ উদ্দিন, ৰেড ৰোজ মডেল স্কুলৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ মো :জাকিৰ হুছেইনকে আদি কৰি বিভিন্ন বিদ্যালয়ৰ শিক্ষকসকলৰ লগতে ছাত্ৰ -ছাত্ৰী উপস্থিত থাকে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here