কংগ্ৰেছৰ একাংশই অগপত যোগদান

0
45

কংগ্ৰেছৰ একাংশই অগপত যোগদান
দুৰ্নীতিৰ দৰ্পণ সেৱা , ৰিদিপ শৰ্মা , কলিয়াবৰ , ১০ মাৰ্চঃ নিৰ্বাচনলৈ কেইটামান দিন থকাৰ সময়তে কলিয়াবৰত অগপ দলত যোগদানৰ জোৱাৰ উঠিছে । কংগ্ৰেছেৰ এক বৃহৎ দলৰ আজি অগপত যোগদান । মন্ত্ৰী তথা বিধায়ক কেশৱ মহন্তৰ উপস্থিতিত কংগ্ৰেছী সমৰ্থকে অগপত যোগদান কৰে । কলিয়াবৰত কংগ্ৰেছী শিৱিৰত কঁপনি তুলি কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰয়াসী সুৰেন্দ্ৰ কুমাৰ বৰঠাকুৰে টিকত লাভ নকৰি দল ত‍্যাগ কৰাৰ পাছতেই আন এজন প্ৰাৰ্থীত্ব প্ৰয়াসী তপন বৰাৰ এক বৃহৎ সমৰ্থকৰ দলে বুধবাৰে অগপ কাৰ্য‍্যালয়ত মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত যোগদান কৰে । বিগত সময় ছোৱাত কংগ্ৰেছ দলটোৰ উত্তৰণত দিনে-নিশাই কৰ্ম কৰি যোৱাৰ পিছত দলৰ পৰা পোৱা বঞ্চনাৰ প্ৰতিবাদ কল্পে আজি অগপ দলত যোগদান কৰে যুৱ দলটোৱে । আগন্তুক সময়ত অগপ দলৰ হৈ কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে এই যুৱ কৰ্মীবৃন্দই।আনহাতে , ইয়াৰপূৰ্বেও কংগ্ৰেছৰ আন এজন নেতা বিন্দু গঞ্জুয়েও কংগ্ৰেছ দল ত্যাগ কৰি অগপ দলত যোগদান কৰিছিল । এনেদৰে যদি আগন্তুক দিনটো কংগ্ৰেছ দলৰ বিষয় ববীয়াই দল ত্যাগ কৰি অগপত যোগদান দিয়ে , তেন্তে কলিয়াবৰত পুনৰ অগপ দলৰ ধ্বজা উৰুৱাত অধিক সহায়ক হৈ উঠিব বুলি আশা কৰিব পাৰি ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here