কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হলে জাকিৰ হুছেইন সিকদাৰে সন্মানজনক মন্ত্ৰী পাব : গৌৰৱ গগৈ

0
51

কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হলে জাকিৰ হুছেইন সিকদাৰে সন্মানজনক মন্ত্ৰী পাব : গৌৰৱ গগৈ , বদৰুদ্দিন আজমল মোৰ অভিভাৱক নহয়ঃ জাকিৰ হুছেইন সিকদাৰ

দুৰ্নীতিৰ দৰ্পণ সেৱা , প্ৰতিবেদক হাউলী , ১ এপ্ৰিলঃ আগন্তুক দিনত অসমত মহাজোঁটৰ চৰকাৰ হব । অসমৰ মুখ্যমন্ত্ৰী হব কংগ্ৰেছ দলৰ । এই চৰকাৰত সৰুক্ষেত্ৰী সমষ্টিৰ জাকিৰ হুছেইন সিকদাৰে এটা সন্মানজনক স্থান পাব । জাকিৰ হুছেইন সিকদাৰ আমাৰ অসমৰে নহয় , দিল্লীৰ নেতৃত্ব‌য়ো ভাল পায় । শিকদাৰক ভাল পায় বাবেই তেওঁৰ কাৰণে কংগ্ৰেছৰ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে সৰুক্ষেত্ৰীত প্ৰচাৰ চলাবলৈ আহিব । আজি বৰপেটা জিলাৰ ৪৬ নং সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বৰবালাত অনুষ্ঠিত হোৱা এক বিশাল জনসভাত এনেদৰে কয় অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ তথা কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে । তেওঁ হেলিকপ্টাৰেৰে আহি বৰবালাৰ নিৰ্বাচনী জনসভাত নিজৰ ভাষণ প্ৰসংগত কয় যে,কংগ্ৰেছ নেতৃত্বত চৰকাৰ আহিলে প্ৰতিজন গৃহিনীয়ে প্ৰতি মাহে ২ হাজাৰকৈ টকা,প্ৰতি বছৰে এক লাখকৈ লোকক চাকৰি দিয়া,এন আৰ চি’ৰ ক্ষেত্ৰত থকা বিভিন্ন সমস্যা সমাধান কৰি দিয়া হব । তেওঁ আৰু কয় যে , বিজেপি দলৰ ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসৰ নাম উল্লেখেৰে সমালোচনা কৰে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here