কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে কয়াকুছিৰ পৰা যাত্ৰা

0
52

কংগ্ৰেছৰ প্ৰাৰ্থী জাকিৰ হুছেইন শিকদাৰৰ মনোনয়ন পত্ৰ দাখিলৰ বাবে কয়াকুছিৰ পৰা যাত্ৰা

কয়াকুছিৰ পৰা শ্বৰীফুল ইছলামৰ প্ৰতিবেদন , ১৮ মাৰ্চঃ জাকিৰ হুছেইন সিকদাৰে সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাণকেন্দ্ৰ কয়াকুছিত মনোনয়ন পত্ৰ দাখিল কৰিবলৈ যোৱাৰ আগতে প্ৰায় ত্ৰিশ সহস্ৰাধিক ৰাইজক সম্বোধন কৰি কয় যে,সমষ্টিত আধৰুৱাভাৱে হোৱা সকলো কাম বিধায়ক হিচাপে নিৰ্বাচিত হ’লে সম্পূৰ্ণ কৰাৰ লগতে সোঁফালে-বাওঁফালে থকা ময়লাবোৰ নোহোৱা কৰিছে আৰু অনাগত সময়ত যিখিনি ময়লা আছে,সেইখিনি চাফা কৰিব বুলি প্ৰতিশ্ৰুতি দিয়ে । সভাত উপস্থিত থাকি প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে কয় যে,কংগ্ৰেছে চৰকাৰ গঠন কৰিলে প্ৰতিজনী মহিলাক প্ৰতিমাহে দুই হেজাৰকৈ টকা দিয়াৰ ব্যৱস্থা কৰিব । আৰু প্ৰতিবছৰে একলাখকৈ নিবনুৱা যুৱক যুৱতীক চাকৰি প্ৰদান কৰিব বুলি ভাষণত উল্লেখ কৰি মনোনয়ন পত্ৰ দাখিলৰ বাবে বৰপেটালৈ যাত্ৰা কৰে ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here