কটহগুৰি বজাৰত চাইকেল চোৰ কৰায়ত্ব

    0
    69

    কটহগুৰি বজাৰত চাইকেল চোৰ কৰায়ত্ব
    দুৰ্নীতিৰ দৰ্পণ সেৱা ,আবুল হুছেইন , টুকটুকী , ১৬ ফেব্ৰুৱাৰী : নগাঁও জিলাৰ ধিং থানাৰ অন্তৰ্গত কটহগুৰি বজাৰত কালি এজন চাইকেল চোৰক ৰাইজে ধৰি আৰক্ষীক চমজাই দিয়ে । জানিব পৰা মতে, ভেৰভেৰী নিৱাসীৰ আব্দুল কাছেম মাষ্টৰৰ পুত্ৰ হিজবুল ইছলামে চাইকেলৰ তলা ভাঙি লৈ যোৱা অৱস্থাত ৰাইজে হাতে লুটে ধৰা পেলায় । উত্তেজিত ৰাইজে চোৰটোক উত্তম মাধ্যম দি আহোম গাঁও আৰক্ষীক খবৰ দিয়াত আৰক্ষীযে চোৰটোক কৰায়ত্ব কৰি ধিং থানালৈ লৈ যায় । উল্লেখ্য যে , এইখন বজাৰৰ পৰা দৈনন্দিন চাইকেল আৰু মটৰ চাইকেল চুৰি হৈ আহিছে । ইতিমধ্যে প্ৰায় শতাধিক লোকৰ চাইকেল চুৰি হোৱা বুলি বিভিন্ন জনে আৰক্ষীক জনাইছে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here