কুৰিহা গাওঁত ক্লীন ভিলেজ গ্ৰীন ভিলেজ কাৰ্যসূচী সম্পন্ন

    0
    60

    কুৰিহা গাওঁত ক্লীন ভিলেজ গ্ৰীন ভিলেজ কাৰ্যসূচী সম্পন্ন
    দুৰ্ণীতিৰ দৰ্পণ সেৱা,ছানিদুল শিকদাৰ,বৰপেটা , ৬ মাৰ্চ: বৰপেটা জিলাৰ পাকাবেতবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত কুৰিহা গাঁওত ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অধীনত থকা নেহেৰু যুৱ কেন্দ্ৰ বৰপেটাৰ উদ্যোগত আৰু উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বেচৰকাৰী সংস্থা এছিয়ান মিছন ইনষ্টিটিউটৰ সহযোগত ক্লীন ভিলেজ গ্ৰীন ভিলেজ কাৰ্যসূচী সফল ভাৱে ৰূপায়ন কৰা হয়। তদুপলক্ষে কুৰিহা তিনিআলিত বিভিন্ন ক্লাৱৰ সদস্য সকলৰ দ্বাৰা ৰাইজৰ সহযোগত চাফাই কামৰ অন্তত ৰাস্তাৰ কাষে কাষে বৃক্ষ‌ৰোপন কৰা হয়। আবেলি ৩ বজাত কুৰিহা এম ই মাদ্ৰাছা প্ৰাংগনত অৱসৰপ্ৰাপ্ত শিক্ষক ছোহৰাব আলী আহমেদৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত উদ্দেশ্য বাখ্যা কৰে এছিয়ানৰ সমন্বয়ক ছাহাব উদ্দিনে। আজিৰ এই অনুষ্ঠানত সমল ব্যক্তি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে কুৰিহা গাওঁৰ জেষ্ঠ ব্যক্তি মুজাম্মিল হক আৰু কুৰিহা নৱযুৱ ক্লাৱৰ সভাপতি জাহিদুল ইছলামে। ভাষণ প্ৰসংগত এছিয়ান মিছন ইনষ্টিটিউটৰ পৰিচালন সঞ্চালক ডাঃ আব্দুল কদ্দুছ শিকদাৰে কয় যে, আমি যদি এখন সুন্দৰ পৃথীৱিত এক পৰিস্কাৰ, স্বাস্থ্যকৰ, সৌন্দৰ্যময় আৰু নিৰাপদ পৰিৱেশত বাস কৰিব খোজোঁ, তেনেহ’লে সকলো ধৰণৰ অনিষ্টকৰী প্ৰদূষণ ৰোধ কৰিবলৈ আমি সকলোৱেই ব্যৱহাৰিক সচেতনতাত অধিক গুৰুত্ব দিব লাগিব। আৰু তেতিয়াহে আমি আমাৰ ভৱিষ্যত প্ৰজন্মলৈ নিৰাপদ, পৰিস্কাৰ তথা এটা অতি সুন্দৰ পৰিৱেশ নিশ্চয় প্ৰদান কৰিব পাৰিম। সভাপতিৰ মন্তব্যত ছোহৰাব আলী আহমেদে সকলোকে প্লাষ্টিক ব্যৱহাৰৰ ভয়াবহতা আৰু পৰিস্কাৰ পৰিচন্নতাৰ ওপৰত সজাগ হৈ বৃক্ষৰোপনৰ জৰিয়তে এখন সেউজীয়া ধৰণী গঢ়াৰ পোষকতা কৰে। আজিৰ এই অনুষ্ঠানত মহিলা সমিতিৰ সম্পাদিকা মায়া দেৱীকে ধৰি কেইবাটাও ক্লাৱৰ অৰ্ধশতাধিক সদস্য সদস্যাই অংশ গ্ৰহণ কৰি শুভা বৰ্ধন কৰে।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here