গুৰু শঙ্কৰৰ কৃপাদৃষ্টিত মই এই পূণ্যভূমিলৈ আহিছোঃ গৃহমন্ত্ৰী অমিত শ্বাহ,সত্ৰকৃষ্টিৰ পৰম্পৰাৰে বটদ্ৰৱা প্ৰকল্পৰ আধাৰশিলা , ১৮ মাহত সম্পূৰ্ণ হ’ব বটদ্ৰৱা প্ৰকল্প

    3
    159


    গুৰু শঙ্কৰৰ কৃপাদৃষ্টিত মই এই পূণ্যভূমিলৈ আহিছোঃ গৃহমন্ত্ৰী অমিত শ্বাহ,সত্ৰকৃষ্টিৰ পৰম্পৰাৰে বটদ্ৰৱা প্ৰকল্পৰ আধাৰশিলা , ১৮ মাহত সম্পূৰ্ণ হ’ব বটদ্ৰৱা প্ৰকল্প
    নগাঁৱৰ পৰা মুস্তাফা ছালিম আহমেদ, ২৫ ফেব্ৰুৱাৰী ঃ ঐতিহাসিক মুহুৰ্তৰ সাক্ষী হল গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান। আজি দুপৰীয়া ১২.৩০ বজাত বটদ্ৰৱাত হেলিকপ্টাৰে পদাৰ্পন কৰে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। হেলিকপ্টাৰৰ পৰা নামি পোনে পোনে বটদ্ৰৱা থানৰ আকাশী গংগাৰ তীৰৰ বেদখলমুক্ত ভূমিত লক্ষাধিক লোকৰ উপস্থিতিত এখন জনসভাত অংশ গ্ৰহণ কৰে। সভাত আৰম্ভণি ভাষণ প্ৰদান কৰে বিত্ত, স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। অসমীয়া জাতীয় জীৱনৰ বাবে আজিৰ দিনটো উল্লেখ্যযোগ্য দিন। আমি গুৰুজনাক অসমত নহয় সমগ্র বিশ্বত পৰিচয় কৰাব বিচাৰিছোঁ। অসমীয়া জাতিক আগুৱাই নিবলৈ হ’লে শংকৰ মাধৱৰ আদৰ্শ অনুকৰন কৰিবই লাগিব। আগন্তুক ১৮ মাহৰ ভিতৰত বটদ্ৰৱা প্ৰকল্পৰ নিৰ্মাণ কাৰ্য্য সম্পূৰ্ণ হৈ উঠিব বুলি ড° হিমন্ত বিশ্ব শৰ্মাই নিজৰ ভাষণত উল্লেখ কৰাৰ লগতে “মুক্তিত নিস্পৃহ যিটো /সেহি ভকতক নমো/ৰসময় মাগোহো ভকতি ” শীৰ্ষক ঘোষাৰে ভাষণৰ সামৰণি মাৰে। পাছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে “জয় জয় বটদ্রৱা বৈকুন্ঠ দুতয়, সেহি স্থানে নিজ গুৰু ভৈলন্ত উদয়” শীৰ্ষক বটদ্ৰৱা থান বৰ্ননা গীতেৰে আৰম্ভণি কৰি নিজৰ ভাষণত মুখ্যমন্ত্ৰী গৰাকীয়ে “গুৰুজনাৰ বিষয়ে গুনানুকীৰ্তন কৰাৰ ধৃষ্টতা মোৰ নাই। মানৱ জাতিক শান্তিৰ বাৰ্তা দিবলৈ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হ’ব লাগিব। নৱ প্ৰজন্মক শংকৰদেৱ প্ৰমুখ্যে বৈষ্ণৱ গুৰুসকলৰ জীৱন দৰ্শন অধ্যয়নৰ জড়িয়তে বিশ্ব মানৱ জাতিৰ সন্মুখত চিনাকি দিব লাগিব।” আমি অসমীয়া মহাজাতিৰ সন্তান বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে নিহৰ ভাষণত উল্লেখ কৰে। গৃহমন্ত্ৰী অমিত শ্বাহে “শংকৰদেৱৰ জন্মস্থানলৈ আহিব পৰাতোৱেই মোৰ পৰম সৌভাগ্য। গুৰুজনাৰ ওচৰলৈ আহিবলৈ কৃপা দৃষ্টি লাগিব। মহাপুৰুষ শংকৰদেৱৰ আদৰ্শত ৰামৰাজ্যৰ কল্পনা নিহিত আছে। বিশ্ব মানৱ জাতিৰ একাত্মবোধ, ভ্ৰাতৃত্ব আৰু মানৱতাবোধৰ নিদৰ্শন ভাৰতীয় মহাজাতিয়ে শঙ্কৰদেৱ মাধৱৰ পৰা অনুকৰন কৰিব লাগিব। স্বাধীনতাৰ আগতেই মহাত্মা গান্ধীয়ে কৈছিল, আপোনালোক অসমীয়া জাতি সৌভাগ্যবান। গুৰু শংকৰে পাঁচশ বছৰ পূৰ্বে এই ভূমিত ৰামৰাজ্য প্ৰতিষ্ঠা কৰি গৈছে। মই অসম চৰকাৰক অনুৰোধ কৰিম, বছৰি ২৫ হাজাৰ সত্ৰ-নামঘৰক অনুদান আগবঢ়াওক। আধ্যাত্মিকতাৰ সাংস্কৃতিক পৰিক্ৰমাৰ মাজেৰে জাতিক চেতনাবোধ জাগ্ৰত কৰিব পাৰি । গড় হত্যা বন্ধ হৈছে, আৰু এটা কাম বাকি আছে। বানপানীৰ পৰা অসমক মুক্ত কৰিবলৈ আৰু পাঁচ বছৰ লাগিব। অসম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি, কভিড’ৰ সময়ত সন্মুখৰ পৰা কৰোনাৰ পৰা ৰাইজক বচাবলৈ নেতত্ব দিয়াৰ বাবে। শান্তি আৰু বিকাশৰ কাম বিজেপিৰ দ্বাৰা সম্ভৱ। গুৰুজনাৰ জন্মস্থান নগাঁৱৰ স্বাধীনতা আন্দোলনৰ স্বহীদ উমাকান্ত বৰুৱা, ভোগেশ্বৰী ফুকননীকে প্ৰমুখ্য কৰি সকলো স্বহীদৰ নাম উচ্চাৰণ কৰি, কয় যে, কংগ্ৰেছক জিকাবলৈ সৰু সৰু দল বোৰে আন্দোলন কৰিছে। স্বাধীনতা আন্দোলনৰ মুক্তিযোদ্ধা সকলক প্ৰকৃত সন্মান বিজেপিয়ে দিছে। কংগ্ৰেছৰ শাসনৰ দীৰ্ঘকাল বেদখল হৈ থকা বটদ্ৰৱাৰ এই ভূখণ্ডত আমাৰ চৰকাৰে বেদখলমুক্ত কৰি যুগ যুগান্তৰলৈ গুৰুজনাৰ অমৰ কৃৰ্তি চিহ্ন ৰখাৰ সংকল্পৰে আমি এই বটদ্ৰৱা থানৰ সৌন্দৰ্য বৰ্ধন আৰু উন্নয়ণ এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিছো। ভাষন শেষ কৰি সমপূৰ্ণ জাতীয় সাজত বটদ্ৰৱা থানত প্ৰৱেশ কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। গৃহমন্ত্ৰীৰ লগত জাতীয় সাজত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বটদ্ৰৱা থানত প্ৰৱেশ কৰে। ভকত বৈষ্ণৱৰ আনন্দ উল্লাসৰ মাজেৰে জাপি বাটচ’ৰাৰে পোনে পোনে কীৰ্তন ঘৰত প্ৰৱেশ কৰে গৃহমন্ত্ৰী গৰাকীয়ে। গায়ন বায়নৰ মাঙ্গলিক বাদ্য, আয়তীৰ মংগল উৰুলি, দিহানামেৰে গৃহমন্ত্ৰী অমিত শ্বাহক বটদ্ৰৱা থানলৈ আদৰি অনা হয়। বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱে দবা, কাঁহ, ঘন্টা আদি দেৱবাদ্যৰ মংগলিক ধ্বনিৰে গৃহমন্ত্ৰীক আশীৰ্বাদ প্ৰদান কৰে। বটদ্ৰৱা থানৰ নাটঘৰত পৰিচালনা সমিতিয়ে গৃৃহমন্ত্ৰী অমিত স্বাহ, মুুুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক কুহিলা কঠ, শৰাই, ধৰ্মবস্ত্ৰ, বটদ্ৰৱা থান বৰ্ননা গীত, খোল, মাইহাং আদিৰে সম্বৰ্ধনা জনাই। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, মন্ত্ৰী কেশৱ মহন্ত, অতুল বৰা, মন্ত্ৰী পিযুষ হাজৰিকা ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, বিধায়িকা আঙুৰলতা ডেকা…প্ৰমুখ্যে বহুকেইজন মন্ত্ৰী বিধায়ক সভাত উপস্থিত থাকে।

    3 COMMENTS

    1. Very nice post. I just stumbled upon your blog and wished
      to say that I’ve truly enjoyed browsing your blog
      posts. In any case I’ll be subscribing to your feed and I
      hope you write again very soon!

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here