ছাদিকুজ জামানক যুৱ সাংবাদিক হিচাপে প্ৰয়াত সাংবাদিক দিলীপ কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা

0
104

ছাদিকুজ জামানক যুৱ সাংবাদিক হিচাপে প্ৰয়াত সাংবাদিক দিলীপ কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা
দুৰ্নীতিৰ দৰ্পণ সেৱা,নুৰ আহমেদ,কাকী,২০ জানুৱাৰী: দুৰ্নীতিৰ দৰ্পণ কাকতৰ ষষ্ঠ বৰ্ষপুতি অনুষ্ঠানত প্ৰয়াত সাংবাদিক দিলীপ কুমাৰ চক্ৰৱৰ্তী সোঁৱৰণী বঁটা প্ৰদান কৰা হয় যুৱ সাংবাদিক ছাদিকুজ জামানক ৷ দেওবাৰে ধুবুৰী জিলাৰ গৌৰীপুৰ প্ৰতাপ চন্দ্ৰ ইনষ্টিটিউট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দিনজোৰা কাৰ্যসূচীৰে বৰ্ষপুতি অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় । কাকত খনৰ সম্পাদক ছায়েদ আলী খানে আঁত ধৰা এই সভাতে দুৰ্নীতিৰ দৰ্পণ কাকত গোষ্ঠীৰ তৰফৰ পৰা কবি তথা সাংবাদিক ছাদিকুজ জামানক বিশেষ সংবাদ সেৱা বঁটা আৰু কবি ৰফিক উদ্দিনক সাহিত্য সাধনা বঁটা প্ৰদান কৰাৰ লগতে ডবকাৰ সমাজ সেৱী আব্দুল হাচিবক বিশিষ্ট সমাজ সেৱা বঁটা প্ৰদান কৰে। লগতে কেবাজনো সাংবাদিকক সম্বৰ্ধনা জনোৱা হয় । ৰাজ্যৰ অইন অইন প্ৰান্তৰ লগতে হোজাই জিলাত এই তিনিওজনক এই সন্মান আগবঢ়োৱাত জিলাখনত এক আনন্দৰ বাৰ্তা কঢ়িয়াই আনিছে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here