জনসমূদ্ৰলৈ পৰিণত বটদ্ৰৱাত কংগ্ৰেছৰ সভা , উপস্থিত থাকে প্ৰিয়ংকা গান্ধী , থানত সেৱা লৈ নিৰ্বাচনী প্ৰচাৰ

    0
    65

    জনসমূদ্ৰলৈ পৰিণত বটদ্ৰৱাত কংগ্ৰেছৰ সভা , উপস্থিত থাকে প্ৰিয়ংকা গান্ধী , থানত সেৱা লৈ নিৰ্বাচনী প্ৰচাৰ
    দুৰ্নীতিৰ দৰ্পণ সেৱা , বটদ্ৰৱা , ২২ মাৰ্চ : প্ৰিয়ংকা গান্ধীয়ে বিয়লি ৩ বজাত হেলিকপ্তাৰে আহি পোনতে গুৰুজনাৰ জন্মভূমিত উপস্থিত হৈ বটদ্ৰৱা থানত সেৱা জনোৱাৰ পিছতে থানৰ ঐতিহাসিক আকাশী গংগা , শিলিখা বৃক্ষ , গুৰুজনাৰ পদশিলাকে ধৰি বিভিন্ন কীৰ্তিচিহ্নবোৰ দৰ্শন কৰে ৷ এইদৰে থান প্ৰাংগনত আধা ঘন্টা সময় অতিবাহিত কৰাৰ পিছতে বটদ্ৰৱাত নিৰ্বাচনী প্ৰচাৰ চলালে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধী আৰু ছত্তিশ গঁড়ৰ মুখ্যমন্ত্ৰীয়ে । নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে , সিমানেই গৰম হৈছে বটদ্ৰৱা সমষ্টিৰ নিৰ্বাচনী বতাহ । নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গণে গণে আগমণ ঘটিছে সকলো ৰাজনৈতিক দলৰ বাঘা বাঘা নেতাৰ । আজিও বটদ্ৰৱা সমষ্টিৰ বাটমাৰী হাইডুবি আঞ্চলিক খেলপথাৰত কংগ্ৰেছ মহাজোটৰ প্ৰাৰ্থী শিৱামনী বৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয় আৰু চট্টিছ গঁড়ৰ মুখ্যমন্ত্ৰীয়ে । প্ৰায় ত্ৰিশ সহস্ৰাধিক জনগণৰ উপস্থিতিত জনসমূদ্ৰলৈ পৰিণত হোৱা মঞ্চত প্ৰিয়ংকা গান্ধীয়ে কংগ্ৰেছ পাঁচ গেৰাণ্টিৰ কথা উল্লেখ কৰাৰ উপৰিও বিজেপি চৰকাৰক তীব্ৰ ভাষাৰে সমালোচনা কৰে । লগতে অসমৰ জলন্ত সমস্যা সমূহৰ ওপৰতো ভাষণ প্ৰধান কৰে । উক্ত সভাতেই চট্টিছ গঁড়ৰ মুখ্যমন্ত্ৰী গৰাকীয়েও বটদ্ৰৱা সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ ভাষণ প্ৰধান কৰে।নেতা দুই গৰাকীক সংঘ দিয়ে সাংসদ গৌৰৱ গগৈ , অসম প্ৰদেশ কংগ্ৰেছৰ উপ-সভাপতি ৰকিবুল হুছেইন , বিধায়ক নুৰুল হুদা আৰু বটদ্ৰৱা সমষ্টিৰ মহাজোটৰ প্ৰাৰ্থী শিৱামনী বৰাই ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here