জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ বাৰ্ষিক অধিৱেশন , বিভিন্ন মনোজ্ঞ কাৰ্যসূচীৰে সফল সামৰণি

    0
    79

    জনিয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ বাৰ্ষিক অধিৱেশন , বিভিন্ন মনোজ্ঞ কাৰ্যসূচীৰে সফল সামৰণি
    প্ৰতিবেদক হাউলী , ১৬ মাৰ্চঃ বৰপেটা জিলাৰ জনিয়াৰ দুবাৰকৈ ৰাষ্ট্ৰীয় বঁটা প্ৰাপক অগ্ৰণী এন জি অ’জনীয়া আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেন আৰু প্ৰদৰ্শনীৰ লগতে বিক্ৰী মেলা যোৱা ১২ মাৰ্চৰ পৰা ১৬ মাৰ্চলৈ পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যক্ৰমণিকাৰে আৰম্ভ হয় । জনীয়া ফখৰুদ্দিন আলী আহমেদ মেম’ৰিয়েল কনিষ্ঠ মহাবিদ্যালয় খেল পথাৰত ১২ মাৰ্চত পৰিষদৰ সভাপতি আব্দুল্লাহেল মোহাইমেনে পতাকা উত্তোলন কৰাৰ পিছত অনুষ্ঠানটোৰ মুখ্য সম্পাদক আব্দুল মালিকৰ উপস্থিতিত মঞ্চ আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে জনীয়া সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ৰবেন দাস আৰু মন্দিয়া আঞ্চলিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক লিয়াকত খানে । বিভিন্ন ঠাইৰ বিপনীৰ লগতে মেলাৰ আকৰ্ষণ হিচাপে নাগৰদোলা,কণ-কণ ল’ৰা-ছোৱালীৰ ছুইপিং বোৰ্ড,বিভিন্ন দোকান-পোহাৰ আদিৰে ভৰি পৰে । প্ৰথমদিনা জনীয়াৰ শ্ৰীশ্ৰী পুৰুষোত্তম পুথিভঁড়ালৰ সভাপতি দেবেন্দ্ৰ নাথ দাসৰ উদ্বোধন ক্ৰমে বিভিন্ন গীত-মাত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। দ্বিতীয় দিন অৰ্থাৎ ১৩ মাৰ্চৰ কাৰ্যসূচী অনুসৰি ক্ৰমে স্বচ্ছ ভাৰতৰ আধাৰত চাফাই অভিযান,মুকলি কুইজ প্ৰতিযোগিতা , বিহু নৃত্য প্ৰতিযোগিতা,জ্যোতি সংগীত,ৰাভা গীত, ভূপেন্দ্ৰ সংগীত,নজৰুল গীত,ৰবীন্দ্ৰ সংগীত,বাউল গীত,মুৰ্শীদি গীত প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় । ১৪ মাৰ্চত ক্ৰমে চাফাই কাম,প্ৰীতি ফুটবল খেল,পৰিষদৰ মুখ্য সম্পাদক আব্দুল মালিকে আঁত ধৰা আৰু এফএএএম কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ এম.ছানোৱাৰ ৰহমানৰ সঞ্চালনাত “অসমীয়া ভাষা-সংস্কৃতি আৰু আৰ্থিক সৱলিকৰণত চৰ-চাপৰিবাসীৰ ভূমিকা”-শীৰ্ষক আলোচনা চক্ৰ,” উদ্বোধন কৰে কলগাছিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ছাহজাহান আলী আহমেদে । উক্ত আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহণ কৰে বৰপেটাৰ বিশিষ্ট লেখিকা নঞ্জু দত্তই । ইয়াৰ পছত জন্মগত প্ৰতিভা আৰু ইয়াৰ প্ৰয়োগ”-শীৰ্ষক প্ৰদৰ্শন ,মুখামুখি অনুষ্ঠান,উদীয়মান কবি তথা অভিনেতা জাকিৰ হুছেইন খানে মুকলি কৰা বাৰেবৰণীয়া সাংস্কৃতিক অনুষ্ঠানৰ বিশেষ আকৰ্ষণ হিচাপে কুকিলা সৰকাৰ , উম্মে হাবিবা আৰু অন্যান্য শিল্পীবৃন্দৰ দাৰা গীত পৰিৱেশন কৰি ৰাইজৰ মন মুহিত কৰি তোলে । তদ্ৰুপ ১৫ মাৰ্চত ক্ৰমে স্বচ্ছ ভাৰতৰ আধাৰত চাফাই অভিযান,ভেশছন প্ৰতিযোগিতা,কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰিচালনাত কৃষি ভিত্তিক অনুষ্ঠান,আধুনিক নৃত্য প্ৰতিযোগিতা,”নিবনুৱা সমস্যা সমাধান আৰু কৰ্ম-সংস্কৃতি গঢ়ি তোলাত স্বেচ্ছাসেৱী অনুষ্ঠানৰ ভূমিকা”-শীৰ্ষক আলোচনা চক্ৰ, উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি ইব্ৰাহিম আলীৰ সভালতিত্বত অনুষ্ঠিত বঁটা বিতৰণী সভাত ক্ৰমে বিশিষ্ট অতিথি হিচাপে জনীয়া ৰাজ্যিক চিকিৎসালয়ৰ স্বাস্থ্য বিষয়া ডাঃ ছামাদ আলী আৰু মন্দিয়া আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ জাহিদ আহমেদে উপস্থিত থাকে । ইয়াৰ পিছত প্ৰায় কুড়িগৰাকী সাংবাদিকক বিশেষভাৱে সম্বৰ্ধনা জনোৱা লগতে সাংস্কৃতিক সমাৰোহ অনুষ্ঠিত হয় । একেদৰে ১৬ মাৰ্চ অন্তিম দিনা ক্ৰমে স্বচ্ছ ভাৰতৰ আধাৰত চাফাই অভিযান , ব্ৰহ্মপুত্ৰ ডেভেলপমেন্ট লাঠিবাৰী দল,পাম দংৰাৰ দ্বাৰা “লাঠিবাৰী খেল প্ৰদৰ্শন” আবেলি মুকলি সভা অনুষ্ঠিত হয় । আঞ্চলিক গ্ৰামোন্নয়ন পৰিষদৰ সভাপতি সভাপতি আব্দুল্লাহেন মোহাইমেনৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্দেশ্য বাখ্যা কৰে পৰিষদৰ মুখ্য সম্পাদক আব্দুল মালিকে । উক্ত সভাত ক্ৰমে সহকাৰী শিক্ষক লক্ষ্মীনাথ কাকতি,বালিকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ইব্রাহিম আলী,ফখৰুদ্দিন আলী আহমেদ কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ এম ছানোৱাৰ ৰহমান , এফ.এ.এ.মেম’ৰিয়াল কণিষ্ঠ মহাবিদ্যালয়ৰ অধ্যাপক ছাহজাহান আলী আহমেদ,অৱসৰ প্ৰাপ্ত শিক্ষক দীপক কুমাৰ সৰকাৰ আদি কৰি কেইবা গৰাকী মান্যবৰ ব্যক্তি উপস্থিত থাকি তথ্য সমৃদ্ধ গঠণমুলক ভাষণ প্ৰদান কৰে।ইয়াৰ পিছত সন্ধিয়া আমন্ত্ৰিত শিল্পী গোষ্ঠীৰ দ্বাৰা হোলী গীত,বিহু নৃত্য আৰু ভোৰতাল নৃত্য পৰিৱেশন কৰে । এই অনুষ্ঠান উদ্বোধন কৰিব বৰপেটা সদৰ থানাৰ উপ-পৰিদৰ্শক মনালিছা মাধৱ ভক্তই । ইয়াৰ পিছত সুৰ সমলয় অনুষ্ঠানেৰে পৰিষদৰ ৩৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সফল সমাপ্তি ঘটে ।

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here