জিলা প্ৰশাসন কৰ্মচাৰীৰ অসহযোগত স্থৱিৰ কামকাজ

    0
    104

    জিলা প্ৰশাসন কৰ্মচাৰীৰ অসহযোগত স্থৱিৰ কামকাজ

    ৱাহিদুদ জামান , নগাঁও ,১৯ ফেব্ৰুৱাৰী : নিযুক্তিৰ শিক্ষাগত অৰ্হতা অনুসৰি উপায়ুক্ত সংস্থাপনাৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী সলক গ্ৰেজুৱেট গ্ৰেড পে প্ৰদান কৰা,উপায়ুক্ত কাৰ্যালয় সমূহত অধীক্ষক,মুখ্য সহায়ক,গাণনিক পদৰ সৃষ্টি কৰা,জাৰিকাৰক আৰু পিয়ন পদৰ শিক্ষাগত অৰ্হতা উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ বৃদ্ধি কৰা,নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন নীতি বাহাল ৰখা , বন্ধ কৰি ৰখা মৰগীয়া বানচ মুকলি কৰি দিয়া,পৰ্যৱেক্ষক সহায়কৰ দৰমহা গাঁথনি নতুনকৈ সৃষ্টি কৰাকে প্ৰমুখ্য কৰি দহ দফীয়া দাবী পূৰণৰ দাবীত আজিৰে পৰা দুদিনীয়াকৈ আহ্বান জনোৱা সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থাৰ সৰ্বাত্মক অসহযোগ কাৰ্যসূচীত আজি প্ৰায় অচল হৈ পৰে নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ কামকাজ।আজি নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদত জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে তেওঁ লোকৰ দীৰ্ঘ দিনীয়া সমস্যা সমূহৰ সমাধানৰ দাবীত এক প্ৰতিবাদো সাব্যস্ত কৰে ৷ ১৯ আৰু ২০ ফেব্ৰুৱাৰীত দুদিনীয়াকৈ সাব্যস্ত কৰা এই প্ৰতিবাদত অদ্ধশতাধিক কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে ৷ সৰ্বাত্মক অসহযোগ আন্দোলনৰ কাৰ্যসূচীৰে সাব্যস্ত কৰা এই প্ৰতিবাদত বিভিন্ন শ্লোগানেৰে উত্তাল কৰে জিলা উপায়ুক্তৰ কাৰ্যালয় চৌহদ ৷ অনতিপলমে দাৱীসমূহ চৰকাৰে পূৰণ নকৰিলে সমাগত নিৰ্বাচনত অংশগ্ৰহণ নকৰাৰো হুংকাৰ প্ৰদান প্ৰতিবাদী কৰ্মচাৰীসকলে ৷ সদৌ অসম জুৰি সাব্যস্ত হোৱা এই প্ৰতিবাদৰ বাবে যিসকল সাধাৰণ লোকৰ অসুবিধা হৈছে , তাৰ বাবে সংবাদ মাধ্যমৰ আগত উদ্বেগ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে ৷

    LEAVE A REPLY

    Please enter your comment!
    Please enter your name here